ETV Bharat / state

টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ - মোডী চৰকাৰ

সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত টাইপাইৰ । সংগঠনটোৱে অতি শীঘ্ৰে টাই আহোম সকলক ভৈয়ামৰ জনজাতি মৰ্যদা প্ৰদান কৰাৰ লগতে স্বায়ত্ব শাসন প্ৰদানৰ দাবী জনাইছে ।

টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

author img

By

Published : Sep 3, 2021, 8:53 PM IST

মৰাণ, 3 ছেপ্তেম্বৰ: নিৰ্বাচন আহিলে প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়াৰ কথা কয় ৷ নিৰ্বাচনী প্ৰচাৰ প্ৰত্ৰিকাত ছয় জনগোষ্ঠীৰ বিষয়টো সন্নিবিষ্ট কৰি ভোট আদায় কৰি আহিছে প্ৰতিটো নিৰ্বাচনতে ৷

শেহতীয়াকৈ কেন্দ্ৰৰ বিজেপি শাসনাধিষ্ঠ মোডী চৰকাৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দি শাসনৰ গাদি দখল কৰিলে ৷

কিন্তু এতিয়া চৰকাৰৰ প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে ৷ বাৰে বাৰে কমিটি গঠন কৰি দিছে যদিও আজিকোপতি ন্যাৰ্য অধিকাৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে এই ছয় জনগোষ্ঠী ৷ সেয়ে মোডী চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে টাই আহোম যুৱ ছাত্ৰ পৰিষদ ৷

টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত প্ৰতিবাদ

শুকুৰবাৰে চৰাইদেউৰ সোণাৰিত টাই আহোম যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই । সংগঠনটোৱে টাই আহোম সকলক ভৈয়ামৰ জনজাতি মৰ্যদা প্ৰদান কৰাৰ লগতে স্বায়ত্ব শাসন প্ৰদানৰ দাবী জনাইছে ।

শুকুৰবাৰে সংগঠনটোৱে কৰা প্ৰতিবাদী কাৰ্যসূচীত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি তথা টাই আহোম উন্নয়ন পৰিষদৰ সদস্য ভৃগু হাতীমুৰীয়া উপস্থিত থকা দেখা যায় ।

লগতে পঢ়কঃ বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.