মৰাণ, ২৯ এপ্ৰিল: ৰাজ্যৰ বিশিষ্ট টাই ভাষাৰ শিক্ষক তথা সাংস্কৃতিক কৰ্মী মলুং দিব্য চেতিয়াৰ মঙলবাৰে পৰলোকপ্ৰাপ্তি হয় ৷ চৰাইদেউ জিলাৰ বকতাস্থিত ৰুকাঙৰ নিজা বাসগৃহত 60 বছৰ বয়সত মৃত্যবৰণ কৰে শিক্ষকগৰাকীয়ে ৷ উল্লেখ্য যে, উজনিৰ 50 খনতকৈ অধিক শিক্ষানুষ্ঠানত টাই ভাষাৰ শিক্ষা প্ৰদান কৰিছিল চেতিয়াই ।
টাই আহোমৰ ভাষা, সংস্কৃতিৰ বিকাশত বিশেষ ভূমিকা পালন কৰিছিল শিক্ষকগৰাকীয়ে। টাই ভাষা-সংস্কৃতিৰ একনিষ্ঠ সাধকজনৰ মৃত্যুত সমগ্ৰ বকতা অঞ্চলতে শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই ভাষাৰ শিক্ষক মেদিনী মহন, মন্ত্ৰী যোগেন মোহন, সদৌ অসম ফুৰালং সংঘৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰে। বুধবাৰে টাই আহোম জনগোষ্ঠীৰ ৰীতি-নীতি অনুসৰি দিব্য চেতিয়াক মৈদাম দিয়া হয়।