ETV Bharat / state

চিকিৎসা অবিহনেই মৃত্যু ক’ভিড ৰোগীৰ

author img

By

Published : Jun 27, 2021, 11:02 PM IST

ক'ভিডত আক্রান্ত হৈ শোচনীয় অৱস্থাত অতি পলমকৈ চিকিৎসালয়লৈ অহাৰ ফলত ডিমৌত মৃত্যুক সাৱটি ল'লে এজনে ৷ ৰেপিড এন্টিজেন টেষ্ট(Rapid Antigen Test)ৰ ফলাফল পোৱাৰ পিছ মূহুৰ্ততে কৰুণভাৱে হাস্পতালৰ চকীতে শেষ নিশ্বাস ত্যাগ কৰে জিতেন বস্তন নামৰ লোক জনে ।

soon after getting covid test report patient died in dimow assam
ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল লাভ কৰাৰ লগে লগেই মৃত্যু মুখত পৰিল এজন

মৰাণ, 27 জুন : ক’ভিড মহামাৰীৰ তাণ্ডৱত কৰুণ মৃত্যুক সাৱটি লৈছে বহুজনে ৷ শেহতীয়াকৈ দেওবাৰে, ডিমৌত ক'ভিড পৰীক্ষাৰ ফলাফল পোৱাৰ পিছতে অকাল মৃত্যুক সাৱটি ল'লে এজন ক'ভিড আক্ৰান্ত লোকে । ডিমৌ আদৰ্শ চিকিৎসালয়(Dimow model hospital)ত দেওবাৰে, ক'ভিড পৰীক্ষাৰ ফলাফল পোৱাৰ কৰাৰ পিছ মূহুৰ্ততে ডিমৌ ৰজাবাৰীৰ জিতেন বস্তন নামৰ ৫৫ বছৰীয়া ব্যক্তি গৰাকীয়ে অতি কৰুণভাৱে হাস্পতালৰ চকীতে শেষ নিশ্বাস ত্যাগ কৰে ।

জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি অসুস্থ হৈ আছিল জিতেন বস্তুম নামৰ ব্যক্তি গৰাকী । পৰৱৰ্তী সময়ত দেওবাৰে, ডিমৌ আদর্শ চিকিৎসালয়ত ব্যক্তিগৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট(Rapid Antigen Test) কৰাত জিতেন বস্তনৰ দেহত ক'ভিডৰ অৱস্থিতিৰ কথা পোহৰলৈ আহে । ইপিনে, ক'ভিডত আক্রান্ত হৈ শোচনীয় অৱস্থাত অতি পলমকৈ চিকিৎসালয়লৈ অহাৰ ফলতে ব্যক্তিগৰাকীয়ে বিনা চিকিৎসাৰে মৃত্যুমুখত পৰে বুলি চিকিৎসা বিভাগৰ কৰ্মী সকলে জানিবলৈ দিয়ে । ইফালে, লোকজনৰ এনে মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক : বেদখলমুক্ত হ'ল বন বিভাগৰ ৩,৪০০ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.