ETV Bharat / state

টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আহোম জাতীয় মহাসভাৰ

টাই-আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মৰাণত আহোম জাতীয় মহাসভাৰ সংবাদমেল অনুষ্ঠিত হৈ যায় (Ahom Jatiya Mahasabha Press Meet) ৷ সংবাদমেলত আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কনচেং বাইলুঙ, সাধাৰণ সম্পাদক অনন্ত গগৈসহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

Press meet
মৰাণত আহোম জাতীয় মহাসভাৰ সংবাদমেল
author img

By

Published : Feb 21, 2022, 1:55 PM IST

মৰাণ, 21 ফ্ৰেব্ৰুৱাৰী: টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাইছে আহোম জাতীয় মহাসভাই ৷ মৰাণৰ মৰাণ টাই অধ্যয়ন আৰু গৱেষণা চেন্টাৰত দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য সদৰি কৰে সংগঠনটোৱে (Ahom Jatiya Mahasabha Press Meet) ৷ সংবাদমেলত আহোম জাতীয় মহাসভাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কনচেং বাইলুঙ, সাধাৰণ সম্পাদক অনন্ত গগৈসহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াত কেইটামান জনগোষ্ঠীৰ কামকাজ আগবাঢ়ি গৈছে যদিও আহোম জনগোষ্ঠীটোৰ কামকাজ আগবঢ়া নাই বুলি আহোম জাতীয় মহাসভাৰ বিষয়ববীয়াই অভিযোগ কৰে সংবাদমেলত (Demanding Tribalisation of Tai Ahom community) ।

মৰাণত আহোম জাতীয় মহাসভাৰ সংবাদমেল

জনজাতিকৰণ প্ৰক্ৰিয়াত ট্ৰাইবেল সংঘৰ সেউজ সংকেতৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাত আহোম জাতীয় মহাসভাই কয় যে, জনজাতিকৰণ সংবিধানে প্ৰদান কৰিব । জনজাতিকৰণৰ বাবে ট্ৰাইবেল সংঘৰ মতদানৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: আমছুৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.