ETV Bharat / state

শিক্ষামন্ত্ৰী ডাঙৰীয়া দয়া কৰি অলপ চকু মেলি চাওক : প্ৰধান শিক্ষক - শিক্ষাৰ গুণোৎসৱ

গুণোৎসৱত উন্মোচিত হৈছে চৰাইদেউ জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পুতৌলগা ছবি (Poor school infrastructure in Charaideo) ৷ জৰাজীৰ্ণ গৃহত ভাড়াতীয়া শিক্ষকেৰে চলিছে এতিয়া চৰকাৰী বিদ্যালয় ৷ সবিশেষ এই বাতৰিত...

Gunotsav Assam 2022
শিক্ষামন্ত্ৰী ডাঙৰীয়া দয়া কৰি অলপ চকু মেলি চাওক : প্ৰধান শিক্ষক
author img

By

Published : May 14, 2022, 1:32 PM IST

মৰাণ, 14 মে’ : ৰাজ্যত বুধবাৰৰ পৰা প্ৰথম পৰ্যায়ত ৰাজ্যৰ 11 খন জিলাৰ বিদ্যালয়ত আৰম্ভ হৈছে গুণোৎসৱ (Gunotsav Assam 2022) । গুণোৎসৱৰ সময়তে উন্মোচিত হৈছে এখন চৰকাৰী বিদ্যালয়ৰ পুতৌলগা ছবি ৷ এই চৰকাৰী বিদ্যালয়খন হৈছে চৰাইদেউ জিলাৰ 851 নং জয়হিন্দ বিদ্যালয় (Poor school infrastructure in Charaideo) ৷

তথ্য অনুসৰি, চৰাইদেউ জিলাত সৰ্বমুঠ 782 খন স্কুলৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 58590 জন আৰু 3743 গৰাকী আছে শিক্ষক-শিক্ষয়িত্ৰী । চৰাইদেউ জিলাৰ সাপেখাতী শিক্ষাখণ্ডৰ অধীনত 21 খনকৈ বিদ্যালয়ত এজনীয়া শিক্ষকেৰে চলাইছে পাঠদান । তাৰে ভিতৰত 851 নং জয়হিন্দ প্ৰাথমিক বিদ্যালয়ৰ চৰম দুৰ্গতি হোৱা পৰিলক্ষিত হৈছে ।

শিক্ষামন্ত্ৰী ডাঙৰীয়া দয়া কৰি অলপ চকু মেলি চাওক : প্ৰধান শিক্ষকশিক্ষামন্ত্ৰী ডাঙৰীয়া দয়া কৰি অলপ চকু মেলি চাওক : প্ৰধান শিক্ষক

1957 চনতে স্থাপিত হোৱা বিদ্যালয়খনত 30 গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে আছে কেৱল মাত্ৰ এজন শিক্ষক ৷ এজন শিক্ষকৰে এই বিদ্যালয়খনৰ শিক্ষাৰ্থীক প্ৰদান কৰিবলগীয়া হৈছে শিক্ষাদান । এজন শিক্ষকৰে 851 নং জয়হিন্দ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে গঢ় দিবলগীয়া হৈছে মানৱ সম্পদ ৷

লগতে পঢ়ক : মৰাণত অন্ধকাৰ শ্ৰেণীকোঠা : বিদ্যালয়ৰ বাৰান্দাত চলিছে গুণোৎসৱ

এফালে তথাকথিত শাসকীয় চৰকাৰৰ শিক্ষাৰ গুণোৎসৱৰ নামত বজাইছে ঢাক-ঢোল বজোৱা পৰিলক্ষিত হৈছে ৷ আনফালে উক্ত বিদ্যালয়খনিৰ এই পৰিৱেশে এতিয়া সচেতন লোকৰ চকু কঁপালত তুলিছে ৷ লক্ষণীয়ভাৱে বিদ্যালয়খনি চৰম পুতৌলগা আন্তঃগাঁথনিৰ দৃশ্যই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ।

দুৰ্ভাগ্যজনক বিষয় এই যে, উপায়ন্তৰ হৈ বিদ্যালয়খনত প্ৰধান শিক্ষকগৰাকী ভাড়াতীয়া শিক্ষকৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ব্যৱস্থা কৰিব লগাত পৰিছে ৷ শিক্ষামন্ত্ৰী ৰনোজ পেগুলৈ 851 নং জয়হিন্দ বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ কাতৰ আহ্বান, ‘‘দয়া কৰি অলপ চকু মেলি চাওক’’ ৷

লগতে পঢ়ক : একাঠু পানীৰ মাজত এখন প্ৰাৰ্থমিক বিদ্যালয়ত গুণোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.