ETV Bharat / state

দিচাং নৈৰ গৰাখহনীয়াই ত্ৰাস সৃষ্টি কৰিছে খালৈঘুগুৰা বৰবামত

author img

By

Published : May 28, 2021, 7:20 AM IST

দিচাং নৈৰ ভয়াৱহ গৰাখহনীয়াই শংকিত কৰিছে মাহমৰা সমষ্টিৰ খালৈঘুগুৰা বৰবাম অঞ্চলবাসীক ৷ আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল বান প্ৰতিৰোধ আঁচনি ৷

দিচাং নৈৰ ভয়াৱহ  গৰাখহনীয়াই সন্ত্ৰাসৰ সৃষ্টি খালৈঘুগুৰা বৰবামত
Erosion of Disang river of Khaloighugura

মৰাণ, 28 মে’: চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ খালৈঘুগুৰাৰ বৰবাম অঞ্চলৰ দিচাং নৈৰ মথাউৰিত সৃষ্টি হোৱা ব্যাপক গৰাখহনীয়াই শংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক । বাৰিষা অহাৰ লগে লগেই এই অঞ্চলৰ দিচাং নৈৰ মথাউৰিত বিগত দুই -তিনি বছৰৰে হৈ আহিছে ব্যাপক গৰাখহনীয়া ।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে খালৈঘুগুৰা অঞ্চলৰ দিচাং নৈৰ বৰবামৰ উৰিয়াম ঘাট অঞ্চলত মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে ২০২০-২১ বৰ্ষৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা শিতানৰ বান প্ৰতিৰোধ আঁচনি শুভাৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী ৰূপত পৰিণত ন'হল এই আঁচনিৰ কাম ।

দিচাং নৈৰ ভয়াৱহ গৰাখহনীয়াই সন্ত্ৰাসৰ সৃষ্টি খালৈঘুগুৰা বৰবামত

ফলত, বাৰিষা অহাৰ লগে লগেই এতিয়া শংকিত হৈ পৰিছে খালৈঘুগুৰা বৰবাম অঞ্চলৰ দিচাং নৈৰ নৈপৰীয়া ৰাইজ । উপায়হীন খালৈঘুগুৰাৰ বৰবাম অঞ্চলৰ ৰাইজে এতিয়া মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনক দিচাং নৈৰ এই মথাউৰিৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ ভৰ বাৰিষা কালত অঞ্চলটোৰ মথাউৰিৰ গৰাখহনীয়াই বৰবাম অঞ্চলৰ লগতে বকতাৰ বিস্তৃৰ্ণ অঞ্চলত বান-বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিব ।

লগতে পঢ়ক :এটা সৰু কাগজৰ টুকুৰাৰ পৰা লাখপতি হ'ল আদিল খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.