ETV Bharat / state

মাহমৰাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনে

author img

By

Published : Aug 16, 2022, 10:19 PM IST

চৰাইদেউ জিলাৰ মাহমৰাত মঙলবাৰে এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan) ৷ অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ ২০২১-২০২২ বৰ্ষৰ অধীনত মাহমৰা উন্নয়ন খণ্ডৰ তত্বাৱধানত প্ৰায় ২৫ লাখ টকাৰ ব্যয়ৰে সাজি উলিওৱা হয় আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো ৷

Minister Jogen Mohan
আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনে

ডিব্ৰুগড়, 16 আগষ্ট: অংগনবাড়ী কেন্দ্ৰসমূহ হৈছে শিশুসকলৰ পৰিপুষ্টি, মানসিক আৰু শাৰীৰিক বিকাশৰ উৎকৃষ্ট কেন্দ্ৰস্থল । শিশুসকলক এই কেন্দ্ৰসমূহৰ জৰিয়তে সৰ্বতো প্ৰকাৰৰ জ্ঞানৰ ধাৰণা দি উচ্চ শিক্ষা গ্ৰহণৰ বাবে উপযুক্ত কৰি গঢ়ি তোলা হয় আৰু ইয়াৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ খুবেই প্ৰয়োজন ।

সেয়ে ৰাজ্য চৰকাৰে শিশুসকলৰ বাবে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা বহু আদৰ্শ অংগনবাড়ী কেন্দ্ৰ শিশুসকলৰ বাবে মুকলি কৰি দিছে ৰাজ্য চৰকাৰে । মঙলবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মিলন গাঁও পঞ্চায়তৰ অন্তৰ্গত খনিকৰ লুখুৰাখন গাঁৱত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ২০২১-২০২২ বৰ্ষৰ অধীনত মাহমৰা উন্নয়ন খণ্ডৰ তত্বাৱধানত প্ৰায় ২৫ লাখ টকাৰ ব্যয়ৰে সাজি উলিওৱা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ(Model Anganwadi Centres at Mahmora) শুভ উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan)।

এই শুভ উদ্বোধনী কাৰ্যসূচীত চৰাইদেউ জিলাৰ মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সুনাম দাস, সমাজ কল্যাণ বিভাগৰ বিষয়া, মিলন গাঁও পঞ্চায়তৰ সভাপতি নৱ বৰুৱাৰ লগতে মাহমৰা সমষ্টিৰ কেইবাটাও পঞ্চায়তৰ সভাপতি, সভানেত্ৰীৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে । আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো শুভ উদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে কেন্দ্ৰটোৰ যোগেদি অঞ্চলটোৰ শিশুসকলে পৰৱৰ্তী সময়ত একোজন সু-নাগৰিক হিচাবে গঢ় লোৱাৰ ক্ষেত্ৰত অধিক সহায়ক হ‘ব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: এতিয়া আন্দোলনৰ পাচত কোনেও দৌৰিব নিবিচাৰে মন্তব্য জয়ন্তমল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.