ETV Bharat / state

Gunotsav Assam 2022 : চৰাইদেউ জিলা শিক্ষা বিভাগত অৰাজক পৰিস্থিতি

ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022)। গুণোৎসৱক লৈ চৰাইদেউ জিলাৰ শিক্ষা বিভাগত অৰাজক পৰিস্থিতি ৷ নিশা এপৰলৈ গুণোৎসৱৰ প্ৰশ্নকাকত লাভ নকৰাত শিক্ষকৰ ক্ষোভ (Messy situation for question paper of Gunotsav) ৷

messy-situation-for-question-paper-of-gunotsav-in-charaideo
চৰাইদেউ জিলা শিক্ষা বিভাগত অৰাজক পৰিস্থিতি
author img

By

Published : May 11, 2022, 10:32 PM IST

মৰাণ, 11 মে' : বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022) ৷ বুধবাৰে ছিপাঝাৰত প্ৰথম দিনাৰ গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Sarma inaugurate Gunotsav Assam 2022 at Sipajhar) ।

ইফালে, প্ৰথম পৰ্যায়ত ৰাজ্যৰ বহুকেইখন জিলাৰ লগতে চৰাইদেউ জিলাতো অনুষ্ঠিত কৰা হৈছে গুণোৎসৱ ৷ কিন্তু চৰাইদেউ জিলাত শিক্ষা বিভাগৰ গুণোৎসৱৰ নামত দেখিবলৈ পোৱা গ'ল চূড়ান্ত অৰাজকতা । গুণোৎসৱৰ আগদিনাও শিক্ষকে লাভ নকৰিলে গুণোৎসৱৰ প্ৰশ্নকাকত (Messy situation for question paper of Gunotsav) । এফালে শিক্ষক সমাজৰ ক্ষোভ, আনফালে শিক্ষা বিষয়াৰ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টাৰ অভিযোগ একাংশ শিক্ষকৰ ।

চৰাইদেউ জিলা শিক্ষা বিভাগত অৰাজক পৰিস্থিতি

উল্লেখ্য যে, শিক্ষা বিভাগৰ সু-পৰিকল্পনা নোহোৱাকৈ এই গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা বাবেই এনে বেমেজালিৰ সৃষ্টি হোৱা বুলি একপ্ৰকাৰে অনুমান কৰা হৈছে । কিয়নো কেইবামাহ পূৰ্বেই শিক্ষা বিভাগে গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ তাৰিখ নিৰ্ধাৰণ কৰি দিছিল যদিও চৰাইদেউ জিলাৰ শিক্ষা বিভাগে কিয় নিৰ্দিষ্ট দিনটোৰ বাবে পৰিকল্পিতভাবে সাজু হ'ব নোৱাৰিলে তাকেই লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

মুঠৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ সমূহৰ উন্নতি সাধন কৰিবলৈ অনুষ্ঠিত কৰা গুণোৎসৱৰ প্ৰাকঃমুহূৰ্তত বিভাগটোৰ ভিতৰত সৃষ্টি হোৱা এনে অৰাজকতাই চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

লগতে পঢ়ক : Gunotsav Assam 2022 : গুণোৎসৱ উপলক্ষে ছিপাঝাৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.