মৰাণ, 21 ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত চৰাইদেউ বাতৰি কাকতৰ উদ্যোগত চৰাইদেউ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়ত দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস দিনযোৰা কায্যসূচীৰে পালন কৰে ৷
পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সঞ্জীৱ বৰগোহাঁইৰ সঞ্চালনাত 'মাতৃভাষা দিৱসৰ তাৎপৰ্য' শীৰ্ষক এক আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে অৰুণ গগৈয়ে ৷
সভাখনি উদ্বোধন কৰে বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱীয়ে ৷ সভাত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, আপকুৰ চৰাইদেউ জিলাৰ সভাপতি সুনন্দ গগৈ, ভাৰতী বৰগোহাঁই, পৰাগ গগৈ আদি উপস্থিত থাকে ৷
লগতে পঢ়ক: বোকাখাত সমষ্টিত বিজেপি-অগপৰ বৃহৎ প্ৰত্যাহ্বান হ'ব জিতেন গগৈ