মৰাণ, 15 ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক অপসাৰণৰ দাবীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোটে প্ৰায় ৪৫ দিনতকৈও অধিক সময় প্ৰতিবাদ কৰি আহিছে ৷ তথাপিও মহাবিদ্যালয়ৰ সমস্যা আজিও সমাধান হোৱা নাই লগতে মৰাণ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিনষ্ট হোৱাৰ দিশে গতি কৰিছে ।
বুধবাৰে মৰাণ মহাবিদ্যালয়ৰ ঘটনা সম্পৰ্কত মন্ত্ৰী যোগেন মহনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষী প্ৰশাসনে সকলো ধৰণৰ তদন্ত কৰি আছে । তদন্ত প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে । অধ্যক্ষই যদি ভুল কৰিছে শাস্তি পাব ৷ লগতে শিক্ষামন্ত্ৰীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক : ৰাজ্যৰ মংগল কামনাৰে সপত্নীক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে
উল্লেখ যে, দুটা দিনৰ পূৰ্বেই মৰাণ মহাবিদ্যালয়ৰ কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশদ্বাৰত অৱস্থান কৰি বিতৰ্কিত অধ্যক্ষাগৰাকীক মহাবিদ্যালয়ৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে ৷ বিগত বৰ্ষত নিজৰ ঘৰত বনকৰা শিশুক অমানুষিক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হোৱা মিতালী কোঁৱৰৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ পুঁজিত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ছাত্ৰসমাজে ৷
নিজৰ কাৰ্যকালত কোটিটকীয়া কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি ইতিমধ্যে মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ সমান্তৰালভাৱে চৰাইদেউ জিলা উপায়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু উচ্চ শিক্ষা সঞ্চালকালয়তো অভিযোগ দাখিল কৰিছে ছাত্ৰ সমাজে ৷ একেদৰে অধ্যক্ষাগৰাকীক অপসাৰণৰ দাবীত বিগত প্ৰায় ডেৰমাহে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷
লগতে পঢ়ক : নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : নিমাতীঘাটত সলনি হ’ব পূৰ্বৰ ৰূপ