মৰাণ, 13 জানুৱাৰী: মধ্যাহ্ন ভোজনৰ চাউল শৌচাগাৰৰ টেংকিত পুতি নিলম্বিত হ’ল চৰাইদেউৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈ ৷ চৰাইদেউৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈক নিলম্বন কৰে জিলা প্ৰশাসনে ৷ উত্থাপিত অভিযোগ অনুসৰি মধ্যাহ্ন ভোজনৰ চাউল শৌচাগাৰৰ টেংকিত পুতিছিল প্ৰধান শিক্ষকগৰাকীয়ে ৷ এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত চৰাইদেউ জিলা প্ৰশাসনে নিলম্বনৰ নিৰ্দেশ প্ৰধান কৰে প্ৰধান শিক্ষক ৰঞ্জিত গগৈক ।

উল্লেখযোগ্য যে চৰকাৰী বিদ্যালয়সমূহলৈ পৰ্যাপ্ত পৰিমাণৰ চাউল যোগান নধৰাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ন ভোজন যোগানৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ সময়তে চৰাইদেউৰ নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ কৰা হয় মধ্যাহ্ন ভোজনৰ চাউল । অভিযোগ অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে অহা প্ৰয়োজনীয় চাউল বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে ছাত্ৰ ছাত্ৰীক প্ৰদানৰ ব্যৱস্থা নকৰাৰ বাবে বহু চাউল পচি গৈছিল ।

লগতে মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়খনলৈ অহা কুইন্টল কুইন্টল চাউলৰ বস্তা গুদামৰ ভিতৰত ৰৈ যোৱাত নিজৰ দোষ ঢাকিবলৈ প্ৰধান শিক্ষকগৰাকীয়ে কেইবা কুইন্টল চাউলখিনি বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত লুকুৱাই থয় বুলিও অভিযোগৰ আঙুলি উঠিছে । বিদ্যালয়ত মজুত থকা অতিৰিক্ত চাউলসমূহ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰধান শিক্ষকক আহ্বান জনোৱাৰ পাছতেই প্ৰধান শিক্ষকগৰাকীয়ে নিজক বচাবৰ বাবেই এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, অভিভাৱকসকলে প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন নিয়মিতভাবে যোগান নধৰে বুলি অভিযোগ তুলিছিল । এই অভিযোগৰ পাছতে শিক্ষা বিভাগে তদন্ত চলায় আৰু প্ৰধান শিক্ষক ৰঞ্জিত গগৈক চাকৰিৰ পৰা নিলম্বন কৰে ।
লগতে পঢ়ক: প্ৰধান শিক্ষকে শৌচাগাৰৰ টেংকিত পেলালে মধ্যাহ্ন ভোজনৰ চাউল