মৰাণ, 6 নৱেম্বৰ: "ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঠনিসমূহ পুনৰ নিৰ্মাণ কৰা হ’ব ৷" দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজি অন্তিমটো দিনত উপস্থিত থাকি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই মন্তব্য প্ৰকাশ কৰে (Education Minister Ranoj Pegu on secondary schools) ৷
শতবৰ্ষ অতিক্ৰম কৰা দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি অন্তিমটো দিন ৷ চৰাইদেউ পৰ্বতৰ নামনিত ধোদৰ আলিৰ দাঁতিত বৃটিছ আমোলতে স্থাপন কৰা শিক্ষানুষ্ঠানখনৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি শেষৰটো দিনৰ কাৰ্যসূচী বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় ৷
ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নতি দপ্তৰৰ মন্ত্ৰী ৰনোজ পেগুৰ লগতে কেবিনেট মন্ত্ৰী যোগেন মহন (Cabinet Minister Jogen Mohan), যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ (MP Tapon Kumar Gogoi), চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা (DC Pal Baruah), নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ (Nazira MLA Debabrat Saikia) লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল ৷
মুকলি সভাত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ মাধ্যমিক বিদ্যালয় সমূহ পুনৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰে ভিতৰত অন্তৰ্ভুক্ত হোৱা শতবৰ্ষ অতিক্ৰম কৰা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰিব চৰকাৰে ইতিমধ্য লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়া হৈছে ৷
বিদ্যালয় নিৰ্মাণৰ সময়তো যাতে পাঠদান চলি থাকে তাৰ বাবেও ব্যৱস্থা কৰা হ'ব বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে৷ উল্লেখযোগ্য যে শুকুৰবাৰে ১০৩ খন পতাকা উত্তোলনেৰে আৰম্ভ হৈছিল দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই বাৰেৰহনীয়া অনুষ্ঠান ৷
লগতে পঢ়ক: Cotton University Elections 2022: তুংগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন