ETV Bharat / state

সোণৰ কলহ বিচাৰি দ গাঁতত কালী পূজা দম্পতীৰ

author img

By

Published : Apr 2, 2021, 7:29 PM IST

সোণাৰিত অন্ধ বিশ্বাস ৷ সপোনত দেখা সোণৰ কলহ বিচাৰি অন্ধ বিশ্বাসৰ আশ্ৰয় দম্পতীৰ ৷ এই কাণ্ডৰ পাচতে ৰতন মাঝি আৰু পত্নী আৰক্ষীৰ হাতত আটক হয় ৷

সোণৰ কলহ বিচাৰি দ গাঁতত কালী পূজা দম্পতীৰ
সোণৰ কলহ বিচাৰি দ গাঁতত কালী পূজা দম্পতীৰ

মৰাণ, 2 এপ্ৰিল : 10 ফুট দ গাঁতত সোমাই কালী পূজা ৷ পূজাৰ বাবে পাঁচ হেজাৰ টকাত ক্ৰয় এটা ক’লা মেকুৰী ৷ সপোনৰ পম খেদি অন্ধ বিশ্বাসৰ আশ্ৰয় দম্পতীৰ ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰ হোৱাৰ যুগত এনেধৰণৰ ঘটনা প্ৰকৃততেই অবিশ্বাস্য ৷ কিন্তু কেতিয়াবা অবিশ্বাস্যবোৰো সঁচা হয় ৷ তাৰেই প্ৰমাণ সোণাৰিৰ এই ঘটনা ৷ সোণাৰি পৌৰ এলেকাৰ অন্তৰ্গত 8 নং ৱাৰ্ডৰ গেছ গুদাম অঞ্চলত সৃষ্টি হৈছে চাঞ্চল্য । ৰতন মাঝি আৰু তেওঁৰ পত্নীয়ে বিগত কেইবাদিনো ধৰি নিজৰ ঘৰৰ ভিতৰত প্ৰায় দহ ফুট গাঁত এটা খান্দি কিবা কৰি থকা প্ৰত্যক্ষ কৰিছিল ৰাইজে ৷

বুধবাৰে নিশা প্ৰায় 12 বজাত দম্পতীটোৱে কেইজনমান অচিনাকি লোকক লগত লৈ ঘৰৰ ভিতৰত খন্দা গাঁতটোত সোমাই পূজা অৰ্চনা কৰি থকাৰ বিষয়ে অৱগত হোৱাত স্থানীয় ৰাইজ আহি তাত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ৷ আটাইকেইজন ব্যক্তিক আটক কৰি চুবুৰীৰ এটা ঘৰত আৱদ্ধ কৰি সোণাৰি আৰক্ষীক খবৰ দিয়ে ৷ সপোনত দেখা সোণৰ কলহ বিচাৰি এইদৰে অন্ধ বিশ্বাসক আকোৱালি লোৱা ৰতন মাঝি আৰু পত্নী বৰ্তমান থানাৰ লক্ আপত ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.