ETV Bharat / state

ছাত্ৰৰ পৰা পহু খেদা খালে Principal বাইদেউৱে

author img

By

Published : Jul 30, 2021, 12:48 PM IST

পুনৰ মৰাণ মহাবিদ্যালয়ত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷ বিতৰ্কিত অধ্যক্ষা ড° মিতালী কোঁৱৰক মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে দিলে পহুখেদা ৷

controversial-principal-of-moran-college-dr-mitali-konwar-chased-away-by-student-fraternity
ছাত্ৰৰ পৰা পহু খেদা খালে Principal বাইদেউৱে

মৰাণ, 30 জুলাই : মৰাণ মহাবিদ্যালয়(Moran College)ৰ শেহতীয়া পৰিস্থিতিয়ে লজ্জানত কৰিছে মৰাণবাসীক । উজনি অসমৰ আগশাৰীৰ এখন মহাবিদ্যালয় হিচাপে পৰিচিত মৰাণ মহাবিদ্যালয়ত এতিয়া শৈক্ষিক পৰিৱেশৰ পৰিৱেৰ্তে প্ৰতিদিনে সৃষ্টি হৈছে অৰাজক পৰিস্থিতিৰ হে । মৰাণ মহাবিদ্যালয়ৰ ভিতৰচৰাৰ অৰাজকতা তথা বিতৰ্কিত অধ্যক্ষা ড° মিতালী কোঁৱৰৰ আখ্যান( controversial principal Dr. Mitali Konwar) এতিয়াও যেন অন্ত পৰা নাই ।

বহু বিতৰ্কিত অধ্যক্ষা ড° মিতালী কোঁৱৰে পুনৰ মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে যোগদান কৰাৰ পাছতে মৰাণৰ ছাত্ৰ সংগঠন তথা জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে জাঙুৰ খাই উঠে ৷ ইয়াৰ পিছত এইগৰাকী বিতৰ্কিত অধ্যক্ষাক মৰাণৰ দল-সংগঠন তথা ছাত্ৰ সমাজে মহাবিদ্যালয়খনত পুনৰ গ্ৰহণ কৰিব বিচৰা নাই ।

যাৰ ফলত বৃহস্পতিবাৰে পুনৰ মৰাণ মহাবিদ্যালয়ৰ চৌহদত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে(student fraternity of Moran college) পুলিচৰ উপস্থিতিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক পহুখেদা দিয়ে । আনহাতে, ক্ষোভিত ছাত্ৰ সমাজে অধ্যক্ষা গৰাকীৰ গাড়ীলৈ চেণ্ডেল-জোতাও নিক্ষেপ কৰা পৰিলক্ষিত হয় ।

বুধবাৰৰ দিনটোতো মহাবিদ্যালয়ৰ একাংশ ছাত্ৰই অধ্যক্ষাৰ কাৰ্যালয়ৰ ভিতৰতে অধ্যক্ষা গৰাকীক ঘেৰাও কৰি জবাবদিহি কৰাৰ লগতে পৰিস্থিতি উত্তপ্ত কৰি তোলে । উল্লেখ্য যে, নিজৰ ঘৰত বনকৰা শিশু এগৰাকীক(child labour) শাৰিৰীক নিৰ্যাতন(physical assault on child) চলাই বাতৰিৰ শিৰোনাম দখল কৰিছিল বিতৰ্কিত অধ্যক্ষা ড° মিতালী কোঁৱৰে ৷ বিগত বৰ্ষত সংঘটিত এই ঘটনাৰ পিছত মৰাণ মহাবিদ্যালয়ত তেওঁ পুনৰ যোগদান কৰাৰ পিছতেই সমুখীন হৈছিল ব্যাপক প্ৰতিবাদৰ ৷ সৃষ্টি হোৱা অৰাজকতা দূৰ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এতিয়া কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া অনাগত সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক : পুৱা 11 বজাত ৱেবচাইটত উপলব্ধ হ’ব মেট্ৰিকৰ ৰিজাল্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.