ETV Bharat / state

ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ

চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছাৰ্ছ এছচিয়েছনৰ সংবাদ মেল ৷ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ ৷ এখন শুদ্ধ আৰু প্ৰকৃত মেপ প্ৰস্তুতৰ দাবী সংগঠনটোৰ ৷

ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ
ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ
author img

By

Published : May 1, 2021, 10:24 AM IST

শিৱসাগৰ,1 মে: ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি চলি থকা এক ষড়যন্ত্ৰক লৈ শুকুৰবাৰে শিৱসাগৰত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছাৰ্ছ এছচিয়েছন নামৰ এক সংস্থাই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত মিডিয়া মেনেজমেন্ট এণ্ড ৰিছাৰ্ছ এছচিয়েছন সদস্য সকলে উল্লেখ কৰে যে, ২০১৯ বৰ্ষৰ পৰা ২০২১ বৰ্ষলৈকে এক দীঘলীয়া পৰ্যায়ত যুদ্ধকালীন ৰূপত সমগ্ৰ চৰাইদেউৰ ৰাজধানীত অৱস্থিত মৈদাম অঞ্চলৰ লগতে অন্যান্য কীর্তিচিহ্ন সমূহ সাঙুৰি বিস্তৃত্বভাৱে জৰীপ কৰা হৈছিল ইতিহাসত প্রথমবাৰলৈ এই ৰাজধানীৰ লগতে মৈদাম অঞ্চলৰ প্ৰস্তুত কৰা cadastral map প্রস্তুত কৰিবলৈ। কিয়নাে এই সমগ্ৰ অঞ্চল চৰকাৰী নথি-পত্ৰত গেজিং লেণ্ড (Gazing land) হিচাপেহে নামাকৰণ আছে, যাৰ বাবে ইউনেস্কৰ বিশ্ব ঐতিহ্যত অন্তর্ভুক্ত হ’বলৈ ইয়ে প্ৰাৰম্ভিক বাধা । চৰকাৰী মেপৰ অবিহনে ইউনেস্কলৈ Dossire (নথিপত্র) সমূহ প্রস্তুত কৰি পঠিয়াব নােৱাৰে ।

ইয়াৰ বিপৰীতে মাত্র বাকুপুখুৰী হাবি গাঁৱৰ ৭ নং দাগৰ মাত্র ১২/১৩ টা মৈদাম সাঙুৰি কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ অধীনত এখন মেপ প্রস্তুত কৰি প্রায় ছশ পচিশ (৬২৫) বিঘা মাটি অন্তর্ভুক্ত কৰি আৰু ১০ নং দাগৰ মাত্র সাত (৭) বিঘা মাটি লৈ বৃহৎ আকাৰৰ দেওশাল (যত প্রায় তিনিশ বিঘা মাটি কালিৰ পাহাৰটো অৱস্থিত)খন সংৰক্ষিত । ইয়াৰ বাবে আন ৰজা আৰু ৰাণীসকলৰ মৈদাম সমূহৰ মেপ প্রস্তুত নােহােৱাৰ বাবে ২০১৩ বৰ্ষৰ পৰাই বিশ্ব ঐতিহ্যত অন্তর্ভুক্ত কৰিবলৈ Dossire (নথিপত্র) সমূহ প্রস্তুত কৰি (UNESCO) ইউনেস্কলৈ পঠিয়াব পৰা নাই ।

ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ

যি সময়ত চৰইদেউ মৈদামৰ হাজাৰ হাজাৰ বিঘা মাটিত ৰংপুৰৰ স্বৰ্গদেউ সকলৰ লগতে আন আন স্বৰ্গদেউ, ৰাণী, কুঁৱৰী আদি বিভিন্ন ৰাজনেতা সকলৰ মৈদাম সিঁচৰত হৈ আছে তেনে সময়ত মাত্ৰ কেইটামান মৈদামক লৈ এক সীমিত ভূমিৰ পৰিসৰৰ মাজত চৰাইদেউ মৈদামক আৱদ্ধ কৰি ৰখাৰ ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।লগতে এনে ষড়যন্ত্ৰৰ ফলত স্বয়ং চ্যাওলুং চ্যুকাফাৰ মৈদাম বাদ পৰি ৰৈছে বুলি তথ্য পোহৰলৈ আহিছে ।

আনহাতে এছচিয়েছনেটোৰ বহু দিনৰ চেষ্টা আৰু গৱেষণাৰ অন্তত ৬,৭০০ বিঘা ভূমি বিস্তাৰিত এক প্ৰকৃত মেপ প্ৰস্তুত কৰিছে । চৰাইদেউ মৈদামক প্ৰকৃত মৰ্যাদা দিবলৈ আৰু বিশ্ব ঐতিহ্যৰ আওতালৈ আনিবলৈ এনে মেপৰ দৰকাৰ আছে। একেদৰে সংবাদ মেলখনত চৰাইদেউ মৈদামক লৈ কৰা ষড়যন্ত্ৰ, নিম্নমানৰ সীমা দেৱাল নিৰ্মাণ, চৰকাৰী ভূমিত কৰা অবাধ বেদখল আদিৰ সন্দৰ্ভত এছচিয়েছনে একাংশ মধ্যভোগীক তীব্ৰ সমালোচনা কৰি চৰাইদেউ ময়দামৰ এখন প্ৰকৃত আৰু শুদ্ধ মেপ প্ৰস্তুত কৰি বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত হ’ব পৰা সকলো ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছাৰ্ছ এছচিয়েছনে ।

লগতে পঢ়কঃ গ্ৰাহকৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.