ETV Bharat / state

ভিক্টৰ দাসৰ অভিযোগক জেমছ বণ্ডৰ চিনেমা আখ্যা মুখ্যমন্ত্ৰীৰ - 1 লাখ নিযুক্তি প্ৰক্ৰিয়া

ভিক্টৰ দাসৰ ঘটনাক জেমছ বণ্ডৰ চিনেমা আখ্যা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma on Victor Das)৷ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেন-দেনৰ অভিযোগৰ বাতৰি প্ৰকাশ কৰি 8 লাখ ল’ৰা-ছোৱালীৰ মূৰ নকৰিবলৈও সংবাদ মাধ্যমক আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa Sarma on Victor Das
ভিক্টৰ দাসৰ অভিযোগক জেমছ বণ্ডৰ চিনেমা আখ্যা মুখ্যমন্ত্ৰীৰ
author img

By

Published : Sep 11, 2022, 6:03 PM IST

Updated : Sep 11, 2022, 8:00 PM IST

ডিব্ৰুগড়, 11 ছেপ্টেম্বৰ: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেন-দেনৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস নামৰ এজন যুৱক (Victor Das arrested)৷ ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অভিযোগকাৰীক গ্ৰেপ্তাৰ বিৰুদ্ধেও মাত মাতিছে বিভিন্নজনে ৷ ইয়াৰ মাজতে দেওবাৰে ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on Victor Das)৷

ভিক্টৰ দাস নামৰ যুৱকজনে অনা অভিযোগৰ তীব্ৰ বিৰোধিতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালকৈ সংবাদ মাধ্যমকো তীক্ষ্ণ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভিক্টৰ দাসে অনা অভিযোগৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰাত ক্ষুন্ন হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ এনেধৰণৰ বাতৰি প্ৰচাৰ কৰি চাকৰি প্ৰাৰ্থীসকলৰ মূৰ গৰম নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma advices media) ৷

ভিক্টৰ দাসৰ অভিযোগক জেমছ বণ্ডৰ চিনেমা আখ্যা মুখ্যমন্ত্ৰীৰ

অসম চৰকাৰৰ শেহতীয়া নিযুক্তি পৰীক্ষা(Assam recruitment examination) সম্পূৰ্ণ নিকাভাৱে সম্পন্ন হোৱা বুলি পুনৰবাৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰিজাল্টৰ দিনা সকলে স্পষ্ট হৈ পৰিব ৷ আম্বানীৰ ঘৰৰ পৰীক্ষাৰ্থীয়ে নে পকৰি বিক্ৰী কৰা ঘৰৰ পৰীক্ষাৰ্থীয়ে চাকৰি পায় সেয়া স্পষ্ট হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰৱ হৈ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দুই এটা সংবাদগোষ্ঠীয়ে 1 লাখ নিযুক্তি প্ৰক্ৰিয়া (One lakh recruitment assurance Assam) বন্ধ কৰাৰ বাবে চেষ্টা কৰি আছে ৷ 26 হাজাৰ ল’ৰা-ছোৱালীয়ে এটকাও নিদিয়াকৈ চাকৰি পালে কংগ্ৰেছে ভালপাব নেকি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মানসিকভাৱে অতি দুৰ্বল লোকসকলেহে নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰা মন্তব্য কৰে ড৹ শৰ্মাই ৷

আনহাতে ভিক্টৰ দাসৰ অভিযোগক তেওঁ জেমচ বণ্ডৰ চিনেমা আখ্যা দিয়ে ৷ ভিক্টৰ দাসে অভিযোগত উল্লেখ কৰা প্ৰাক্তন বিধায়কৰ নাম উল্লেখ কৰিবলৈ অসমৰ্থ হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: ভিক্টৰ দাসৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ধাৰাত গোচৰ; আক্ষেপ প্ৰকাশ মাতৃৰ

Last Updated : Sep 11, 2022, 8:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.