ETV Bharat / state

Sankardeva Sangha Controversy : শংকৰদেৱ সংঘৰ কৰ্মকাণ্ডক লৈ দুখ প্ৰকাশ বৌদ্ধ সমাজৰ

author img

By

Published : Oct 31, 2022, 10:26 PM IST

বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱাৰ বাবেই শংকৰদেৱ সংঘই এঘৰীয়া কৰা ঘটনাত দুখ প্ৰকাশ বৌদ্ধ সমাজৰ ৷ সংবাদ মেলৰ জৰিয়তে উক্ত ঘটনা সন্দৰ্ভত আশ্বৰ্য প্ৰকাশ (Sankardeva Sangha Controversy)৷

Sankardeva Sangha Controversy
শংকৰদেৱ সংঘৰ কৰ্মকাণ্ডক লৈ দুখ প্ৰকাশ বৌদ্ধ সমাজৰ

ডিব্ৰুগড়, 21 অক্টোবৰ : বিভিন্ন সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা এঘৰীয়া কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে ৷ শেহতীয়াকৈও বৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ দ্বাৰা এঘৰীয়া কৰা ঘটনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Sankardeva Sangha Controversy)৷ যোৰহাটৰ মৰিয়নিত আহোম সম্প্ৰদায়ৰ চকলং প্ৰথাৰ বিবাহত অংশগ্ৰহণ কৰাৰ বাবে সংঘই এঘৰীয়া কৰাৰ ঘটনা সংঘটিত হৈছিল ৷

উক্ত ঘটনাৰ বিতৰ্ক সৰ্বত্ৰে চৰ্চিত হৈ থকাৰ মাজতে কেইটামান দিনৰ পূৰ্বে শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিছিল সোণাৰিৰ তিনিটাকৈ পৰিয়ালক । চুবুৰীয়াৰ সৈতে বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱা বাবেই সোণাৰিৰ নিকটৱৰ্তী লংপটিয়া জুটুলনি গাঁৱৰ ৩ টাকৈ পৰিয়ালক শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে বহিষ্কাৰ কৰিছিল (Boycott by Sankardeva Sangha)।

বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱাৰ বাবে জুটুলনি গাঁৱৰ বুলু শইকীয়া, নিৰু গগৈ, ৰীতা গগৈৰ পৰিয়ালক বহিষ্কাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চৰাইদেউ জিলাখনত । চৰাইদেউ জিলাৰ অন্তৰ্গত জুটুলনী গাঁৱৰ তিনিটা পৰিয়ালক বৌদ্ধ বিহাৰ দৰ্শন কৰাৰ বাবে বহিষ্কাৰ কৰা সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰিছে ৰহন শ্যামগাঁৱৰ বৌদ্ধ সমাজে ।

সোমবাৰে ৰহন শ্যাম গাঁৱৰ পবিত্ৰ বৌদ্ধ বিহাৰত সংবাদমেলৰ জৰিয়তে উক্ত ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰিলে ৰহন শ্যামগাঁৱৰ বৌদ্ধ সমাজে । দেশ-বিদেশৰ পৰ্যটকে শ্যামগাঁৱৰ বৌদ্ধ মন্দিৰ পৰিদৰ্শন কৰিবলৈ আহে ৷ তেনেস্থলত একেখন জিলাৰ ৰাইজে এই স্থানলৈ অহা কাৰণে শংকৰদেৱ সংঘই যি সিদ্ধান্ত ল'লে তাক লৈ দুখ অনুভৱ হৈছে বুলি আজি সংবাদমেলৰ জৰিয়তে মন্তব্য কৰে ৰহন শ্যামগাঁৱৰ বৌদ্ধ সমাজ নেতৃত্বই ।

উল্লেখ্য যে, চকলং প্ৰথাৰ বিবাহত উপস্থিত থকাৰ বাবে শ্ৰীমন্ত শংকদেৱ সংঘই এঘৰীয়া কৰাৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতে টাই আহোম যুৱ পৰিষদে ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিল (TAYPA Charaideo district bandh)৷ টাইপাৰ বন্ধ আহ্বানৰ পাছতেই দেওবাৰে বৈঠক অনুষ্ঠিত কৰি সংঘৰ সিদ্ধান্তৰ বাবে টাই আহোম যুৱ পৰিষদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি সংঘক সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় শ্ৰীমন্ত শংকৰদেৱ সংঘই ৷

লগতে পঢ়ক : Sankardev Sangha Controversy : আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.