ETV Bharat / state

এটিএম চুৰিত জড়িত তিনিজনক আটক - ডিব্ৰুগড়

চৰাইদেউ জিলাৰ মৰাণহাটস্থিত এটা এটিএম চুৰ কৰিবলৈ গৈ আটক হ'ল ডিব্ৰুগড়ৰ তিনি যুৱক, পলাতক আন এজনৰ সন্ধানত অভিযান আৰম্ভ

এটিএম চুৰিত জড়িত তিনিজনক আটক
author img

By

Published : Aug 1, 2019, 11:36 PM IST

চৰাইদেউ, 1 আগষ্টঃ চৰাইদেউ জিলাৰ মৰাণহাটস্থিত এটা এটিএম চুৰ কৰিবলৈ গৈ আটক হ'ল তিনিজনকৈ যুৱক৷ যুৱক কেইজন ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ অন্তৰ্গত পাৰ্থপ্ৰতীম বাগলাৰী, লাহোৱালৰ কেশৰ মেচ আৰু পুৰাঞ্জন বৰুৱা বুলি জানিবলৈ পৰা গৈছে ৷ ঘটনা অনুসৰি, যোৱা 30 জুলাইৰ নিশা একমান বজাত মৰাণহাটস্থিত এক্সিচ বেংকৰ এটিএম লুট কৰিবলৈ গৈছিল চাৰিজনীয়া এটা দল । কিন্তু সেই সময়ত পথত তহলদাৰী আৰক্ষীৰ দলক দেখা পাই আন্ধাৰৰ সুযোগ লৈ এটিএমটোত সোমোৱা চাৰিজনীয়া দলটোৱে গাড়ী লৈ সেই স্থানৰ পৰা পলায়ন কৰে ৷ তাকে দেখি তহলদাৰী আৰক্ষীৰ দলে চোৰৰ দলটোৰ পিছ লয় যদিও ধৰিবলৈ সক্ষম নোহোৱাত গাড়ীখনৰ নম্বৰ লিখি ৰাখে ৷ পৰৱৰ্তী সময়ত গাড়ীৰ নম্বৰ পৰীক্ষা কৰাত গাড়ীখন ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ নিবাসী মেকানিকেল ইঞ্জিনিয়াৰ পাৰ্থপ্ৰতীম বাগলাৰীৰ বুলি জানিব পাৰে আৰু বুধবাৰে চৰাইদেউ জিলা আৰক্ষীৰ এটা দলে অধিক অনুসন্ধান কৰি গাড়ীৰ মালিক তথা এটিএম চুৰি দলটোৰ মাষ্টাৰ মাইণ্ড প্ৰাৰ্থপ্ৰতীম বাগলাৰীৰ লগতে আন দুজন যুৱক কেশৱ মেচ আৰু পুৰাঞ্জন বৰুৱাক আটক কৰিবলৈ সক্ষম হয় ৷ কিন্তু দলটোৰ আন এজন সদস্য এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত মৰাণহাট থানাত ইতিমধ্যে আৰক্ষীয়ে 73/19 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Intro:Body:চৰাইদেউত উজনি অসমৰ এটিএম চোৰৰ চক্ৰ আটক,
গাড়ীসহ বহু সামগ্ৰী জব্দ
Story-DACOIT_ARRESTED
Ananta Smith
Sivasagar
01st August

A_SVR_01ST_AUG_801-803_DACOIT_ARRESTED_7203499

চৰাইদেউ জিলাৰ মৰাণহাটস্থিত এটা এটিএম চুৰ কৰিবলৈ গৈ আটক হ'ল তিনিজনকৈ যুৱক। যুৱক কেইজন ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাৰ অন্তৰ্গত পাৰ্থপ্ৰতীম বাগলাৰী, লাহোৱালৰ কেশৰ মেচ আৰু পুৰাঞ্জন বৰুৱা বুলি জানিবলৈ দিছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। ঘটনা অনুসৰি যোৱা ৩০ জুলাইৰ নিশা ডেৰ বজাত মৰাণহাট স্থিত এক্সিচ বেংকৰ এটিএম লুট কৰিবলৈ সোমাইছিল চাৰিজনীয়া এটি দল। কিন্তু সেই সময়ত পথত তহলদাৰী আৰক্ষীৰ দলক দেখা পাই আন্ধাৰৰ সুযোগ লৈ এটিএমটোত সোমোৱা চাৰিজনীয়া দলটোৱে গাড়ী লৈ সেই স্থানৰ পৰা পলায়ন কৰে। তাকে দেখি তহলদাৰী আৰক্ষীৰ দলে চুৰৰ দলটোৰ পিছ লৈও ধৰিবলৈ সক্ষম নহয় যদিও গাড়ীৰ নম্বৰ লিখি ৰাখে। পৰৱৰ্তী সময়ত গাড়ীৰ নম্বৰ পৰীক্ষা কৰাত গাড়ীখন ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ নিবাসী মেকানিকেল ইঞ্জিনিয়াৰ পাৰ্থপ্ৰতীম বাগলাৰীৰ বুলি জানিব পাৰে। আৰু সেই অনুসৰিয়েই চৰাইদেউ জিলা আৰক্ষীৰ এটা দলে অধিক অনুসন্ধান কৰি কালি গাড়ীৰ মালিক তথা এটিএম চুৰি দলটোৰ মাষ্টাৰ মাইণ্ড প্ৰাৰ্থপ্ৰতীম বাগলাৰীৰ লগতে আন দুজন যুৱক কেশৱ মেচ আৰু পুৰাঞ্জন বৰুৱাক আটক কৰিবলৈ সক্ষম হয়। দলটোৰ আন এজন সদস্য এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত মৰাণহাট থানাত ইতিমধ্যে আৰক্ষী। এ ৭৩/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি চৰাইদেউ মহকুমা ন্যায়াধীশৰ আদালতত হাজিৰ কৰাৰ লগতে সুধা পোছা অব্যাহত ৰাখিছে। মন কৰিবলগীয়া যে বিগত কিছুদিন ধৰি উজনি অসমৰ বিভিন্ন স্থানত সংঘটিত হোৱা এটিএম চুৰি কাৰ্যত এই দলটো জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে।

Bite-SP, CharaidewConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.