ETV Bharat / state

পুনৰ আলফা সন্দৰ্ভত সৰৱ আটাছু

author img

By

Published : Jul 16, 2021, 9:31 AM IST

আলফা স্বাধীনলৈ (ULFA) আটাছুৰ মুকলি প্ৰশ্ন ৷ আটাছুৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈক আলফাই হত্যা কৰাৰ প্ৰসংগই পুনৰ স্থান পাইছে এই প্ৰশ্নত ৷ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো (Paresh Baruah) নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনালে জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে ৷

atasu-raises-question-to-ulfa-and-its-commander-in-chief-paresh-baruah
পুনৰ আলফা সন্দৰ্ভত সৰৱ আটাছু

মৰাণ, 16 জুলাই: শেহতীয়াকৈ, আলফা(ULFA)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা(commander in chief Paresh Baruah)ক উদ্দেশ্য কৰি বিস্ফোৰক মন্তব্য কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা (ATASU)ই ৷ পৰেশ বৰুৱাক উদ্দেশ্য কৰি কৰা এই মন্তব্যত উল্লেখ আছে, আটাছু(ATASU)ৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক (founder organising secretary) তথা তাই আহোমৰ প্ৰথম জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈক আলফাই নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰাৰ প্ৰসংগ । ডিম্বেশ্বৰ গগৈক আলফাই কিয় হত্যা কৰিলে সেই সন্দৰ্ভত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক স্পষ্টীকৰণ প্ৰদানৰ দাবী আটাছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱজিৎ গগৈৰ ।

পুনৰ আলফা সন্দৰ্ভত সৰৱ আটাছু

বৃহস্পতিবাৰে, সদৌ তাই আহোম ছাত্ৰ সন্থা (ATASU)ৰ ৩৩ তম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ সাংবাদিকৰ আগত ছাত্ৰ নেতাজনে এনেদৰে প্ৰশ্ন উত্থাপন কৰে । ক'ভিড পৰিস্থিতিৰ পৰিপেক্ষিতত সংগঠনটোৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত সংগঠনৰ পতাকা উত্তোলন, তাই আহোমৰ শ্বহীদ ডিম্বেশ্বৰ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্টুপীয়াকৈ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । উক্ত অনুষ্ঠানটোতে অংশ ল'বলৈ আহি আলফাৰ লগতে পৰেশ বৰুৱাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে সংগঠনটোৰ সহকাৰী সম্পাদকগৰাকী ।

আলফাক সংগঠনৰ মজিয়াৰ পৰা ডিম্বেশ্বৰ গগৈৰ হত্যা সম্পৰ্কত বহুবাৰ প্ৰশ্ন কৰা হৈছে ৷ কিন্তু, আজি পৰ্যন্ত আলফা তথা পৰেশ বৰুৱাই এই সম্পৰ্কত কোনো যোগ্য প্ৰত্যুত্তৰ দিব পৰা নাই বুলিও কয় ছাত্ৰ নেতা গৰাকীয়ে । এতিয়া আলফাৰ তৰফৰ পৰা এই সন্দৰ্ভত কি উত্তৰ আহে সেইয়া হে লক্ষ্যণীয় হ'ব ।

উল্লেখ্য যে, শেহতীয়াকৈ লখিমপুৰৰ দুজন যুৱকে সামাজিক মাধ্যম(social media) যোগে আলফাৰ মুখ্য সেনাধ্যক্ষ গৰাকী সম্পৰ্কত কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল ৷ এক ভিডিঅ’ যোগে সামাজিক মাধ্যমত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল দুই যুৱকে ৷ ইয়াৰোপৰি, পৰেশ বৰুৱাক হাবি এৰি অসমলৈ আহি কাম কৰাৰো প্ৰত্যাহ্বান জনাইছিল যুৱক দুজনে ৷ এই ঘটনাকলৈ সৃষ্টি হোৱা বিতৰ্কৰ ওপ নপৰোতেই এতিয়া অসমৰ অন্যতম সৰ্ববৃহৎ জনগোষ্ঠীয় ছাত্ৰ সংগটনটোৱে আলফা তথা পৰেশ বৰুৱাকলৈ কৰা মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : কিয় আকৌ বিতৰ্কলৈ আহিল পৰেশ বৰুৱা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.