মৰাণ, 25 আগষ্ট: দেশত এতিয়া প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে । পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় খাদ্য সমাগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক । অত্যাৱশ্যকীয় সামগ্ৰীৰ এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক সৰৱ হৈ উঠিছে নিখিল ভাৰত কংগ্ৰেছ কমিটী (Nikhil Bharat Congress Committee) ।
ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি কংগ্ৰেছ দলে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী । দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মূল্যবৃদ্ধিৰ ৰামটাঙোন শীৰ্ষক এক কাৰ্যসূচীৰ জৰিয়তে আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাইজৰ সৈতে মত বিনিময় কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা ছত্তিশগড়ৰ ৰায়পুৰ সমষ্টিৰ বিধায়ক বিকাশ উপাধ্যায়ে (MLA Vikas Upadhyay)।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনক কঠোৰ সমালোচনা কৰাৰ লগতে মূল্যবৃদ্ধি প্ৰসংগত চাহ দোকানীৰ পৰা আৰম্ভ কৰি শাক-পাচলি বিক্ৰেতা তথা শ্ৰমিকলৈকে বিভিন্নজনৰ লগত মত বিনিময় কৰে (AICC protest against price hike)।
ৰাইজক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সজাগ কৰাৰ লক্ষ্যৰে কংগ্ৰেছ দলে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই কাৰ্যসূচীয়ে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কিমান সহায়ক হ’ব সেয়া হ’ব মন কৰিবলগীয়া (AICC spoken out against price hike)।
সোণাৰিত অনুষ্ঠিত এই কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া, সম্পাদক উৎপল গগৈৰ লগতে চৰাইদেউ জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ তথা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ।