ETV Bharat / state

নৰবলি নে আন কিবা: ডিঙি কটা অৱস্থাত উদ্ধাৰ শিশুৰ মৃতদেহ

author img

By

Published : Aug 24, 2021, 7:24 PM IST

সোণাৰিত পুনৰ সংঘটিত হৈছে কেইদিনমানৰ পূৰ্বে সংঘটিত হোৱাৰ দৰেই আন এক অনৰূপ ঘটনা ৷ ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এটি কন্যা শিশুৰ মৃতদেহ ৷ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে পূজাৰ সামগ্ৰী ৷

a-mysterious-murder-in-sonari
নৰবলি নে আন কিবা; ডিঙি কটা অৱস্থাত উদ্ধাৰ শিশুৰ মৃতদেহ

মৰাণ,24 আগষ্ট: সোণাৰিৰ টিঙালিবাম চাহ বাগিচাত সংঘটিত হৈছে এক নাৰকীয় ঘটনা ৷ নৃশংস হত্যাৰ বলি হ'ল এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰী ৷ হত্যাকাণ্ডৰ বলি হোৱা শিশুটিৰ নাম আলিয়া তাঁতী ৷ আলিয়া টিঙালীবাম চাহ বাগিচাৰ 13 নম্বৰ লাইনৰ বাসিন্দা মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ কন্যা ৷

প্ৰাপ্ত খবৰ মতে, সোমবাৰে দুপৰীয়া সমনীয়াৰ সৈতে খৰি আনিবলৈ যোৱা পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল আলিয়া তাঁতী ৷ বহু বিচাৰ খোচাৰৰ অন্তত চাহ বাগিচাৰ মাজৰ পৰা উদ্ধাৰ হয় আলিয়া তাঁতীৰ ক্ষত-বিক্ষত মৃতদেহ ৷ মৃতদেহটোৰ ডিঙিত থকা চোকা অস্ত্ৰৰ আঘাতলৈ চাই অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ কোনোৱে হত্যা কৰাৰ সন্দেহ কৰিছে শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় লোকে ৷

চাহ বাগিচা অঞ্চলত অব্যাহত থকা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই কোনো ধৰ্মান্ধ লোকে পূজাৰ নামত শিশুটিক বলি দিয়াৰ সন্দেহ কৰিছে একাংশ লোকে ৷ কাৰণ মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছে পূজাৰ সামগ্ৰী ৷ ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ সোনাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

নৰবলি নে আন কিবা: ডিঙি কটা অৱস্থাত উদ্ধাৰ শিশুৰ মৃতদেহ

উল্লেখ্য যে, এই ঘটনাৰ প্ৰায় দুটা সপ্তাহৰ পূৰ্বে চৰাইদেউ জিলাৰে সোণাৰিৰ চফ্ৰাইত সংঘটিত হৈছিল এক অনুৰূপ ঘটনা ৷ চফ্ৰাইৰ চিংলো লাইনৰ চিংলো নদীত উদ্ধাৰ হৈছিল এগৰাকী চাৰিবছৰীয়া কন্যাৰ মৃতদেহ ৷ মৃতদেহৰ সমীপত উদ্ধাৰ হৈছিল কেতবোৰ পূজাৰ সামগ্ৰী ৷ লগতে ডিঙিত আছিল আঘাতৰ স্পষ্ট চিন ৷

মাত্ৰ দুটা সপ্তাহৰ অন্তৰালতে জিলাখনত সংঘটিত হোৱা এনে দুই অনুৰূপ ঘটনাই এতিয়া শংকিত কৰিছে স্থানীয় ৰাইজক ৷ অন্ধ বিশ্বাসত বলি কোনো মানসিক বিকাৰগ্ৰস্ত লোকে এনধৰণৰ ঘটনা সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজৰ লগতে আৰক্ষীয়ে ৷

আনহাতে দুষ্কৃতিকাৰীয়ে এই হত্যাকাণ্ডক অন্য ৰূপ দিবলৈ এনেধৰণৰ পৰিৱেশৰ সূচনা কৰাৰো সন্দেহ কৰিছে একাংশই ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়কঃ চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.