ETV Bharat / state

Policegiri at Sonari: চৰাইপুং আৰক্ষীয়ে কিয় গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে জীৱন দত্তক ? - man beaten up by police

সোণাৰিত চাঞ্চল্য (Sensational case at Sonari) ৷ কোনো সোধ-পোছ নকৰাকৈয়ে থানাত অভিযুক্তক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে (Police beaten up young man at Sonari) ৷ এই অভিযোগ তুলিছে ভুক্তভোগীগৰাকীয়ে ৷ আনকি ন্যায় বিচাৰি আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিছে এতিয়া ভুক্তভোগীগৰাকীয়ে ৷

Allegedly police beaten young man at Sonari
জীৱন দত্তক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ
author img

By

Published : Mar 7, 2023, 9:45 PM IST

জীৱন দত্তক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ

ডিব্ৰুগড়, 7 মাৰ্চ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু নৱনিযুক্ত ডিজিপি জি পি সিঙে আৰক্ষীক ৰাইজৰ সৈতে বন্ধুত্ব সুলভ সম্পৰ্ক স্থাপনেৰে কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । ইয়াৰ সমান্তৰালভাৱে নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও দায়িত্বলৈয়ে প্ৰতিজন আৰক্ষীক নিস্থাৰে কাম কৰাৰ আহ্বান জনাইছিল । চৰকাৰে আৰক্ষী প্ৰশাসনত সংস্কাৰ হোৱা বুলি দাবী কৰি থকা সময়তে চৰাইদেউ জিলাত পোহৰলৈ আহিছে বিপৰীত প্ৰতিচ্ছবি ৷

তথ্য অনুসৰি, চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হৈছে এজন ভুক্তভোগী । ভুক্তভোগীগৰাকীৰ নাম জীৱন দত্ত ৷ ভুক্তভোগী জীৱন দত্তই উল্লেখ কৰা অনুসৰি, সোমবাৰে জীৱন দত্তই শহুৰেকৰ ঘৰত তেওঁৰ পত্নী সন্দৰ্ভত কিছু কথা-বতৰা পাতি আছিল ৷ কাৰণ তেওঁৰ পত্নী কৰ্মসূত্ৰে তামিলনাডুত থাকে ৷

লগতে পঢ়ক : Accident at Nimatighat: নিমাতীঘাটত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল বাহন

এই কথা বতৰা চলি থকাৰ সময়তে হঠাৎ সেই স্থানত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ কোনো সোধ-পোছ নকৰাকৈয়ে আৰক্ষীয়ে জীৱন দত্ত আৰু তেওঁৰ কন্যাক থানালৈ লৈ যায় ৷ থানালৈ আনি কন্যাৰ সন্মুখতে জীৱন দত্তক চৰাইপুং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰুৱাই মদৰ ৰাগীত মাতাল হৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে (Allegedly police beaten young man at Sonari)। সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্তাপন কৰিছে ভুক্তভোগী জীৱন দত্তই ৷

ইফালে আৰক্ষীৰ উপৰ্যুপৰি প্ৰহাৰত গুৰুতৰভাৱে আহত হয় জীৱন দত্ত । আনকি জীৱন দত্তৰ জেপত থকা তিনি হাজাৰ টকা আৰক্ষীয়ে কাঢ়ি লৈ যোৱা বুলিও অভিযোগ উত্থাপন কৰে ভুক্তভোগীগৰাকীয়ে (Sensational case at Sonari) । উপায়ন্তৰ হৈ এতিয়া এই ঘটনাৰ উচিত তদন্ত বিচাৰি চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগী জীৱন দত্তই ।

লগতে পঢ়ক : Youth suicide case: আধৰুৱা হ’ল চিকিৎসক হোৱাৰ সপোন; পৰীক্ষাত অনুতীৰ্ণ হৈ আত্মহনন ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.