ETV Bharat / state

নীলাচলত নহয় আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত মা কামাখ্যা ধাম - শিল্পী অৰূপজ্যোতি বৰকটকী

শিল্পীৰ হাতত আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত প্ৰাণ পাই উঠিছে দ্বিতীয় কামাখ্যা ধাম । নদীৰ মাজত হুবহু ৰূপত শিল্পী অৰূপজ্যোতি বৰকটকী আৰু তেওঁৰ সহযোগিয়ে সাজি উলিয়াইছে এই কামাখ্যা ধামখনি ।

etv bharat
author img

By

Published : Jun 20, 2019, 10:31 PM IST

আমিনগাঁও, ২০ জুন: অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান মূহুৰ্ত বাকী । অম্বুবাচীৰ বাবে নিলাচল পাহাৰত সমাগম ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ শ শ ভক্ত । এনে সময়তে লোকসকলক দৃষ্টি আকৰ্ষণ কৰিছে আন এখন কামাখ্যা ধামে ।

নীলাচলত নহয় আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত মা কামাখ্যা ধাম

মা কামাখ্যা ধামৰ আৰ্হিত পানীৰ মাজত শিল্পীসকলে সাজি উলিয়াইছে আন এখন কামাখ্যা ধাম । শিল্পী অৰূপজ্যোতি বৰকটকী আৰু তেওঁৰ সহযোগিয়ে কাঠ, বাঁহ আৰু থাৰ্মক'লেৰে সাজি উলিয়াইছে কামাখ্যা ধামৰ আৰ্হিৰে মন্দিৰভাগ । মন্দিৰটোৰ উচ্চতা ১৫ ফুট আৰু দীঘলে ৪০ ফুট । অহা ২২ জুনত দৰ্শকৰ বাবে মন্দিৰটো মুকলি কৰা হ'ব । চাৰিওফালে পানীৰে আবৃত্ত কামাখ্যাৰ আৰ্হিৰে নিৰ্মিত মন্দিৰটো চালে চকুৰোৱাকৈ নিৰ্মাণ কৰিছে দক্ষ শিল্পীসকলে । ইয়াৰোপৰিও, সুন্দৰৰূপত সজাই তোলা উপঙা মন্দিৰটো অম্বুবাচী মেলালৈ অহা পৰ্যটক সকলকো বিশেষভাৱে আকৰ্ষিত কৰিব বুলি আশা ব্যক্ত কৰে শিল্পী অৰূপজ্যোতি বৰকটকীয়ে ।

SLUG: AMINGAON MINI KAMAKHYA 

আমিনগাৱত উপঙা কামাখ্যা।  নীলাচলত নহয় আমিনগাৱৰ শৰাইঘাট সৰোবৰত মা কামাখ্যা ধাম। অম্বুবাচী মেলা উপলক্ষে শৰাইঘাট সৰোবৰত শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে হুবহু কামাখ্যা ধাম। শিল্পী  অৰূপজ্যোতি বৰকটকীয়ে সাজি উলিয়াইছে উপঙা  কামাখ্যা মন্দিৰটো। অমিনগাঁৱৰ শৰাইঘাট হ্ৰদত আঠ দিন ধৰি দিনে নিশাই শিল্পীৰ দলটোবে নিৰ্মাণ কৰিছে  কামাখ্যাধাম খনি। কাঠ বাহ থাৰমকলেৰে নিৰ্মাণ কৰা 
মন্দিৰটোৰ উচ্চতা ১৫ফুট,দীঘলে ৪০ ফুট।
মন্দিৰটো দৰ্শকৰ বাবে মুকলি কৰিব ২২ জুনত। পানীৰ ওপৰত উপঙা কামাখ্যা মন্দিৰটোৱে অম্বুবাচী মেলাত পৰ্যটকক বিশেষ ভাৱে আকৰ্ষিত কৰিব বুলি আশা ব্যক্ত কৰে শিল্পী গৰাকীয়ে। 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.