গুৱাহাটী, ৬ জুলাই: শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব ৰাজ্যৰ ডিটেনশ্বন কেম্পসমূহত বন্দী হৈ থকা ৩৩৫ গৰাকী বাংলাদেশী নাগৰিক । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে এই সকল বন্দীক মুকলি কৰি দিবলৈ প্ৰস্তুত হৈছে ৰাজ্য চৰকাৰ। বিগত ১০ মে'ত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে যি সকল বন্দীয়ে ডিটেনশ্বন কেম্পত ইতিমধ্যে তিনি বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকক চৰ্ত সাপেক্ষে মুকলি কৰি দিব লাগে। ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে পাঁচটাকৈ চৰ্তও ধৰি দিছিল।
মন কৰিব লগীয়া যে বিগত ২ জুলাইত লোকসভাত কংগ্ৰেছ সাংসদ শশী থাৰুৰে এই সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জি কিষণ ৰেড্ডীয়ে তথ্য দাঙি ধৰিছিল যে অসমৰ মুঠ ৬ টা ডিটেনশ্বন কেম্পত মুঠ ১১৩৩ লোক বন্দী হৈ আছে আৰু এই সকলৰ ভিতৰত ৩৩৫ জনে ইতিমধ্যে তিনি বছৰ সম্পূৰ্ণ কৰিছে। আনহাতে ১১৩৩ বন্দীৰ মাজৰ ৭৬৯ জনে এবছৰৰ অধিক কাল সম্পূৰ্ণ কৰিছে বুলিও সংসদত তেওঁ তথ্য দাঙি ধৰে। এতিয়া এই তিনি বছৰ সম্পূৰ্ণ কৰা ৩৩৫ গৰাকী বন্দীক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চৰ্ত সাপেক্ষে মুক্তি দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। ইয়াৰ বাবে ৰাজ্যৰ গৃহ বিভাগে আইন বিভাগৰ পৰামৰ্শৰ আধাৰত কেন্দ্ৰীয় চৰকাৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে। সেই প্ৰস্তাৱত কেন্দ্ৰই অনুমোদন জনালেই মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হব ৩৩৫ বিদেশীৰ।'
আৰু পঢ়কঃহিমন্তক পূজা কৰিছে কোনে?