গুৱাহাটী, 16 মাৰ্চঃ নিশাৰ মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস । টেম্প চালকক ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক । শুকুৰবাৰে নিশা পাণ্ডুৰ তন্ময় দাস নামৰ এজন টেম্প চালকৰ পৰা জিতু ছন্দ নামৰ এজন যুৱকে দাবী কৰিছিল ধন । দাবী কৰা ধন নিদিয়াৰ বাবে চোকা অস্ত্ৰৰে বেয়াকৈ মাৰধৰ কৰে চালকজনক । তাৰোপৰি চালকজনৰ বেগ কাঢ়ি লৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী চালকজনে ।
ইতিমধ্যে ভুক্তভোগী তন্ময় দাসে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । চালকজনৰ এজাহাৰৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধিৰ ৩৯২ ধাৰাৰ অধীনত ৩৯৯/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অস্ত্ৰধাৰী যুৱক জিতু ছন্দক । ইফালে সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে ধৃত জিতু ছন্দই ।