গুৱাহাটী, 6 মে': মঙলবাৰৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ। নিয়ম অনুসৰি সোমবাৰে নিশা তাৰাবী নামাজৰ পিচতে পুৱতি নিশা চেহৰীৰে আৰম্ভ হ'ব ৰমজান মাহৰ ৰোজা। ইফটাৰত ফলমূল, আৰু খেজুৰে ৰোজা সম্পূৰ্ণ কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
ৰোজা উপলক্ষে মহানগৰীৰ বজাৰত ভৰি পৰিছে নানা ধৰণৰ খেজুৰ আৰু ফলমূল। ইফালে পূৰ্বৰ তুলনাত ফলমূল, খেজুৰৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে বুলি উল্লেখ বিক্ৰেতাসকলৰ। প্ৰতিকেজিত ৬০ টকীয়া কলৰ মূল্য হ'লগৈ ১০০ টকা, প্ৰতিকেজি আপেলৰ মূল্য ১৪০ টকা। বৰষুণ আৰু ৰোজাৰ বাবেই মূল্যবৃদ্ধি হোৱাৰ কথা উল্লেখ কৰিলে বিক্ৰেতাসকলে।