ETV Bharat / state

মোডীৰ ৰাশিফল বেয়ালৈ আহিছেঃ তৰুণ গগৈ - নৰেন্দ্ৰ মোডী

বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল
author img

By

Published : May 9, 2019, 5:49 PM IST

গুৱাহাটী, 9 মে': বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সংবাদমেলত তেওঁ কয় যে অহা ২৩ মে'ৰ পিছত নৰেন্দ্ৰ মোডীৰ বেয়া দিন আহিব। ২৩ মে'ৰ পিচত দেশবাসীয়ে এখন নতুন চৰকাৰ পাব আৰু এই নতুন চৰকাৰ গঠনত কংগ্ৰেছ দলে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক উদ্দেশ্যি কৰা মন্তব্যক গৰিহণা দি কয় যে, "পৰাজয়ৰ কথা ভাবি নৰেন্দ্ৰ মোডী হতাশ হৈছে বাবে এনে মন্তব্য দিছে। যোৱা ৫ বছৰত কৰা তেওঁৰ কামৰ উদাহৰণ দাঙি ধৰি ভোট বিচৰাৰ পৰিৱৰ্তে হতাশ হৈয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিছে। "এন আৰ চিৰ পৰা ৪০ লাখ মানুহৰ নাম কেনেকৈ বাদ পৰিল ইয়াক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। তাৰোপৰি বৰ্তমান ৰাজ্যত চৰকাৰ আছেনে নাই ধৰিবই নোৱাৰি বুলিও কটাক্ষ কৰে সোণোৱাল চৰকাৰক।

Intro:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাশিফল বেয়ালৈ আহিছে, শনি লাগিছে নৰেন্দ্ৰ মোদীৰ ৰাশিফলত। ২৩ তাৰিখৰ পিছত মোদীৰ দিন বেয়ালৈ আহিছে। ৰাজীৱ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গৈগৈৰ।

Body:দেশত লোকসভা নিৰ্বাচন অব্যাহত থকাৰ মাজতে আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজীৱ ভনৱত এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে অহা ২৩ মে'ৰ পিছত নৰেন্দ্ৰ মোদীৰ বেয়া দিন আহি আছে। বৰ্তমান নৰেন্দ্ৰ মোদীৰ ৰাশিফল বেয়া চলি আছে, মোদীৰ ৰাশিফলত শনি লাগিছে। ২৩ মে'ৰ পিছত দেশবাসীয়ে এখন নতুন চৰকাৰ পাব আৰু এই নতুন চৰকাৰ গঠনত কংগ্ৰেছ দলে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

কিছুদিন পূৰ্বে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক উদ্দেশ্যি কৰা মন্তব্যক গৰিহণা দি তৰুণ গগৈয়ে কয় যে দেশৰ প্ৰতি ৰাজীৱ গান্ধীৰ অৰিহণা সমগ্ৰ দেশবাসীয়ে জানে এনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজীৱ গান্ধীক উদ্দেশ্যি কৰা মন্তব্যই ইয়াক বুজাই যে পৰাজয়ৰ কথা ভাবি নৰেন্দ্ৰ মোদী হতাশ হৈছে বাবে এনে মন্তব্য দি আছে। মোদীয়ে যোৱা ৫ বছৰত কৰা তেওঁৰ কামৰ উদাহৰণ দাঙি ধৰি ভোট বিচৰাৰ পৰিবৰ্তে হতাশ হৈ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিছে। দেশৰ প্ৰতি ৰাজীৱ গান্ধীৰ অৰিহণা নৰেন্দ্ৰ মোদীতকৈ বহু গুণে বেছি।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এন আৰ চি সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱাৰ পথত যদিও কেন্দ্ৰ আৰু ৰাজ্যেৰ বিজেপি চৰকাৰখনে এন আৰ চিক লৈ যেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনেধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। বিজেপি চৰকাৰখনে শুদ্ধ এন আৰ চি হোৱাটো নিবিচাৰে আৰু এন আৰ চিখন সম্পূৰ্ণ শুদ্ধ হিচাপে প্ৰকাশ নহ'ব। এন আৰ চিত বহু ভুল থাকি যাব কাৰণ এন আৰ চি এতিয়া আৰ এছ এছৰ অনুসৰি নিৰ্মান কৰা হৈ আছে। এন আৰ চিৰ পৰা ৪০ লাখ মানুহৰ নাম কেনেকৈ বাদ পৰিল ইয়াক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

বাইট : তৰুণ গগৈ

Conclusion:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যৰ সৰ্বানন্দ সোনোৱালৰ চৰকাৰখনকো আক্ৰমণ কৰি কয় যে বৰ্তমান ৰাজ্যত চৰকাৰ আছেনে নাই ধৰিবই নোৱাৰি। গগৈয়ে ৰাজ্যত বন্ধ হৈ থকা কাছাৰ আৰু নগাঁও কাগজ কল কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আহিলে এবছৰৰ ভিতৰত পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ব বুলিও আশ্বাস প্ৰদান কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.