নগাঁও, ২০ ফেব্ৰুৱাৰীঃ "ৰাজেন গোঁহাঁই হাটাও বেটী বোৱাৰী বাঁচাও"। নিৰ্বাচনৰ পূৰ্বে ৰাজেন গোঁহাইৰ বিৰুদ্ধে ওলমিব এনে পোষ্টাৰ । এনেদৰেই লিখি কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে প'ষ্টাৰিং কৰিব কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে। নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰত বুধবাৰে এক সংবাদ মেল সম্বোধন কৰি যৌন কেলেংকাৰীত অভিযুক্ত মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংগঠনটো। সংগঠনটোৰ দাবী বিজেপিৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হলে কংগ্ৰেছ, এ আই ইউ ডি এফ দলতো যোগদান কৰিব পাৰে ৰাজেন গোঁহাইয়ে। ৯০ দশকতো ৰাজেন গোহাঁই নগাঁৱৰ জাজৰী আৰক্ষী থানাত কাণত ধৰি আঁঠু কাঢ়িছিল বুলি মন্তব্য সংগঠনটোৰ কাৰ্যকৰী সভাপতি মুকুল বৰাৰ। তাৰোপৰি, সংগঠনটোয়ে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগেত ৰাজেন গোঁহাইৰ বিৰুদ্ধে দুই লাখ লোকৰ স্বাক্ষৰ গ্ৰহণ কৰি বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতিক প্ৰদান কৰাৰ লগতে ৰাজেন গোহাঁইক দলৰ পৰা বৰ্খাস্ত নকৰা পৰ্যন্ত দলটোৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ সন্মুখত অনশনত বহিব বুলি সংবাদ মেলত মন্তব্য কৰে কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতাই।
আনহাতে, মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত মহিলা আয়োগক জনোৱাৰ পাচতো কোনো ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদীপ কলিতাই। লগতে ৰাজেন গোহাঁই আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ কৰি সংবাদ মাধ্যমক তাচ্ছিল্য কৰা সকলকো কটু সমালোচনা কৰে কলিতাই।