দিল্লী, 5 জুলাইঃ বৃহস্পতিবাৰে অসম কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বৰ পৰা পদত্যাগ কৰে কংগ্ৰেছ নেতা হৰিশ ৰাৱটে ৷ অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ মূৰ জাপি লৈ এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে নেতাগৰাকীয়ে ৷
পদত্যাগ পত্ৰত অসমত আশানুৰূপ ফলাফল লাভ কৰাৰ ব্যৰ্থতাৰ কথা স্বীকাৰ কৰাৰ লগতে আগন্তুক 2022 ৰ বিধানসভা নিৰ্বাচনত মনোনিৱেশ কৰাৰ কথা উল্লেখ কৰে নেতাগৰাকীয়ে ৷