তেজপুৰ, ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় বায়ু সেনাই সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ পাচতে ETV Bharat অসমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বায়ু সেনাৰ প্ৰাক্তন গ্ৰুপ কেপ্টেইন ম'হ'ন্ত পাংগিঙে ।
বায়ু সেনাৰ বিধ্বংসী SU-30 MKIৰ এগৰাকী আগশাৰীৰ কামাণ্ডাৰ আছিল গ্ৰুপ কেপ্টেইন ম'হ'ন্ত পাংগিং । SU-30 MKIৰ প্ৰথমটো স্কোৱাড্ৰণ ভাৰতলৈ চলাই অনা দলৰ অন্যতম পাইলট আছিল ম'হ'ন্ত পাংগিং ।
প্ৰাক্তন বায়ু সেনা বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় বায়ু সেনাই মুম্বাই আক্ৰমণৰ পাচতে পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিবলৈ প্ৰস্তুতি চলাইছিল । ETV Bharat অসমৰ তেজপুৰৰ সাংবাদিক প্ৰনৱ কুমাৰ দাসৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে প্ৰাক্তন বায়ু সেনা বিষয়াগৰাকীয়ে ।