ETV Bharat / state

অসমত ফেনীৰ প্ৰভাৱ : ৰাইজলৈ মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

প্ৰলয়ংকাৰী ঘূৰ্ণি ধুমুহা ফেনীৰ প্ৰভাৱ অসমতো পৰিছে । এই লৈ এতিয়া সতৰ্ক হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন । সকলোকে সাৱধান হ'বলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

author img

By

Published : May 4, 2019, 4:44 PM IST

অসমত ফেনীৰ প্ৰভাৱ

গুৱাহাটী, ৪ মে': উৰিষ্যাৰ প্ৰলয়ংকাৰী ঘূৰ্ণি ধুমুহা ফেনীৰ প্ৰভাৱ মহানগৰীকে আদি কৰি অসমৰ কেইবাখনো জিলাত পৰিছে । এই লৈ এতিয়া ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী । কামৰূপ মহানগৰ জিলা প্ৰশাসনেও জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰৰ সকলো ধৰণৰ ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে । মহানগৰী গুৱাহাটীত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ । অসমত শনিবাৰ আৰু দেওবাৰে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব বুলি বতৰ কেন্দ্ৰীয় বিজ্ঞান কেন্দ্ৰই আশংকা প্ৰকাশ কৰিছে ।

অসমত ফেনীৰ প্ৰভাৱ

অসমৰ কিছুমান জিলাত অধিক সতৰ্ক হ'বৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । প্ৰয়োজনীয় সহায়ৰ বাবে ১০৭০, ১০৭৭ আৰু ১০৭৯ বিনামূলীয়া নম্বৰত যোগাযোগ কৰিবলৈ ছ'চিয়েল মিডিয়া যোগে প্ৰতিখন জিলা প্ৰশাসন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক সাজু থাকিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

Intro:উৰিষ্যাৰ প্ৰলয়ংকাৰী ঘূৰ্ণি ধুমুহা ফণীৰ প্ৰবাহ পৰিছে মহানগৰী গুৱাহাটীত। যোৱা কালিৰ পৰা বতৰ ডাৱৰীয়া হৈ আহিছিল যদিও আজি পুৱাৰ ভাগৰ পৰা মহানগৰীত আৰম্ভ হৈছে বৰষুণ।

Body:উৰিষ্যাৰ প্ৰলয়ংকাৰী ঘূৰ্ণি ধুমুহা ফণীৰ প্ৰভাৱ ইতিমধ্যে অসমৰ কেইবাখনো জিলাত পৰিছে। ফণীৰ ফলত সংঘটিত হ'বলগীয়া ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী। কামৰূপ মহানগৰ জিলা প্ৰশাসনেও জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰত সকলোধৰণৰ ফেৰী সেৱা বন্ধ কৰিছে। ব্ৰহ্মপুত্ৰৰ লগতে ৰাজ্যৰ সকলো নদীতে ফেৰী চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

যোৱা কালি উৰিষ্যাক কোবাই যোৱা ফেনী ঘূৰ্ণি ধুমুহাৰ প্ৰভাৱ আজি অসমৰ কেইবাখনো জিলাত পৰিছে। মহানগৰী গুৱাহাটীত আজি পুৱাৰ ভাগৰে পৰা আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ। কলা ডাৱৰে আৱৰি ৰাখিছে মহানগৰীৰ আকাশ। অসমত আজি আৰু অহকালি ফণীৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব বুলি বতৰ কেন্দ্ৰীয় বিজ্ঞান কেন্দ্ৰই আশংকা প্ৰকাশ কৰিছে। অসমৰ ধুবুৰী, মানকাচাৰ, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও আৰু বাক্সা জিলাত কমলাৰঙী আৰু নলবাৰী, কামৰূপ মহানগৰ, দৰং, শোণিতপুৰ, মৰিগাঁও, ওদালগুৰি, কাছাৰ, কৰিমগঞ্জ, নাগও, হোজাই, মাজুলী, লখিমপুৰ আৰু ধেমাজিত হালধীয়াৰঙী সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Conclusion:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাইজক সাৱধান আৰু সতৰ্ক থকাৰ আহ্বান জনাইছে। প্ৰয়োজনীয় সহায়ৰ বাবে ১০৭০, ১০৭৭, ১০৭৯ বিনামূলীয়া নম্বৰত যোগাযোগ কৰিবলৈ ছোচিল মিডিয়ায়োগে ৰাইজলৈ আহ্বান জনাই যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতিখন জিলা প্ৰশাসন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক সাজু থাকিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.