ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক অন্ধকাৰত ৰাখি সম্পন্ন হ’ল নেকি মিত্ৰতা ?

সাধাৰণ পৰিষদৰ বৈঠক অবিহনে মিত্ৰতা অগপ-বিজেপিৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অৱগত নহয় অগপ-বিজেপিৰ বৈঠক সন্দৰ্ভত ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অৱগত নহয় অগপ-বিজেপিৰ বৈঠক সন্দৰ্ভত
author img

By

Published : Mar 13, 2019, 3:01 AM IST

নগাঁও, 13 মাৰ্চঃ মঙলবাৰে মাজনিশা গুৱাহাটীৰ হোটেল ৰেডিচেন ব্লুত অগপ আৰু বিজেপি ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত দুয়োটা দলে আগন্তুক নিৰ্বাচনত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকল্প গ্ৰহণ কৰে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাম মাধৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি দুয়োটা দলে কংগ্ৰেছক পৰাজিত কৰাৰ স্বাৰ্থত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ৷ ইফালে , অগপ সভাপতি অতুল বৰাৰো মন্তব্য কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থতে পুনৰবাৰ মিত্ৰজোঁটত চামিল অগপ ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অৱগত নহয় অগপ-বিজেপিৰ বৈঠক সন্দৰ্ভত

ইফালে , মঙলবাৰে অগপ আৰু বিজেপিৰ মিত্ৰতাৰ প্ৰসংগ সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় অন্য দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱাৰ পূৰ্বে দলৰ সাধাৰণ পৰিষদৰ সভাত আলোচনা কৰাৰ প্ৰয়োজন ৷ কিন্তু অগপ দলৰ সাধাৰণ পৰিষদৰ সভাত কোনো আলোচনা নোহোৱাকৈয়ে মঙলবাৰে পুনৰ বিজেপিৰে মিত্ৰতা গঢ়ি উঠাক লৈ দলৰ আভ্যন্তৰ আৰু তৃণমূল কৰ্মীৰ মাজত যে বিদ্ৰোহৰ সূত্ৰপাত নহ’ব তাক নুই কৰিব নোৱাৰি ৷ আনহাতে, ইটিভি ভাৰতক জনোৱা অনুসৰি, অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মঙলবাৰৰ আলোচনা সম্পৰ্কেও অৱগত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ বিৰোধিতা পুনৰবাৰ স্পষ্ট কৰাৰ লগতে এই বিধেয়কে ত্ৰিপুৰী সকলৰ দৰে অসমীয়াকো এদিন সংখ্যালঘুত পৰিণত কৰিব বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যপাল হ’ব বিচৰাটো এটা অপপ্ৰচাৰ , আনকি মহন্ত পত্নী জয়শ্ৰী গোস্বামী মহন্তয়ো কোনো প্ৰাৰ্থিত্ব বিচৰা নাই বুলি কোৱাৰ লগতে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বেই এইধৰণৰ অপপ্ৰচাৰ হয় বুলি উল্লেখ কৰে প্ৰফুল্ল মহন্তই ৷

দলৰ সাধাৰণ পৰিষদৰ সভাত সিদ্ধান্ত লোৱাৰ পিছতহে কৰিব লাগে অন্য দলৰে মিত্ৰতাৰ আলোচনা। জাতি মাটি ভেটিৰ স্বাৰ্থক বিসৰ্জন দিছে বিজেপিয়ে। সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

অগপ বিজেপিৰ মিত্ৰতাক লৈ অগপ দলৰ মজিয়াত আলোচনা চলি থকাৰ সময়তে নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে অগপৰ লগতে অসমৰ জনসাধাৰণক দিয়া কোনো এটা প্ৰতিস্তুতি পূৰণ কৰিব নোৱাৰিলে। বাংদেশীক তালি টোপোলা বন্ধাৰ হুংকাৰ দিয়া বিজেপি চৰকাৰে নাগৰিকত্ব বিল সংশোধনৰ জৰিয়তে আমন্ত্ৰণ জনাব বিচাৰিছে বাংলাদেশীক। এই বিধেয়ক গৃহীত হলে ত্ৰিপুৰাৰ দৰে অসমত সংখ্যালঘূত পৰিণত হব অসমীয়া। প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যপাল বিচৰাটো এটা অপপ্ৰচাৰ। আনকি মহন্ত পত্নী জয়শ্ৰী গোস্বামী মহন্তয়ো বিচৰা নাই কোনো প্ৰাৰ্থীত্ব। প্ৰত্যেক নিৰ্বাচনৰ পূৰ্বে মহন্তৰ বিৰুদ্ধে এনে অপপ্ৰচাৰ হয় বুলিও সংবাদ মেলত মন্তব্য কৰে মহন্তই। বিজেপিৰ সৈতে মিত্ৰতা প্ৰসংগত মহন্তৰ মন্তব্য। অগপ বিজেপিৰ মিত্ৰতা প্ৰসংগত মঙলবাৰে যদি কোনো আলোচনা হৈছে সেয়া অৱগত নহয় মহন্ত । অন্য দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱাৰ পূৰ্বে দলৰ সাধাৰণ পৰিষদৰ সভাত আলোচনা কৰা প্ৰয়োজন।
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.