ETV Bharat / state

লোকসভা নিৰ্বাচনক লৈ গুৱাহাটীত পৰ্যবেক্ষক ধনঞ্জয় ৰেড্ডীৰ বৈঠক - ধনঞ্জয় ৰেড্ডী

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ লগত এক বৈঠকত মিলিত হয় ভাৰতীয় প্ৰশাসনিক বিষয়া তথা ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰ্যবেক্ষক ধনঞ্জয় ৰেড্ডী ৷ দেওবাৰে নিৰ্বাচন আয়োগে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়ে ৰেড্ডীক ৷

লোকসভা নিৰ্বাচনক লৈ গুৱাহাটীত পৰ্যবেক্ষক ধনঞ্জয় ৰেড্ডীৰ বৈঠক
author img

By

Published : Apr 7, 2019, 11:01 PM IST

গুৱাহাটী, 7 এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচনক লৈ কামৰূপ মহানগৰ জিলাৰ সভাকক্ষত নিৰ্বাচনৰ বাবে গঠন কৰা বিভিন্ন গোটসমূহৰ নডেল বিষয়াসকলৰ পৰা কাম কাজৰ বুজ লয় ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰ্যবেক্ষক ধনঞ্জয় ৰেড্ডীয়ে ৷ এই বৈঠকত পৰ্যবেক্ষকগৰকীয়ে আদৰ্শ আচৰণ বিধি, নিৰ্বাচনী ব্যয় কোষ, ফ্লায়িং স্কোৱাড, ষ্টেটিক চাৰ্ভিলেঞ্চ টীমৰ লগতে প্ৰশাসনে গঠন কৰা কোষ সমূহক নিয়াৰিকৈ কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ।

ETV BHARAT ASSAM
গুৱাহাটীত পৰ্যবেক্ষক ধনঞ্জয় ৰেড্ডীৰ বৈঠক

ইয়াৰ ওপৰি কোনোৱে যাতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈও কঠোৰ নিৰ্দেশনা প্ৰদান কৰে সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে ৷ এই বৈঠকত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত ড০ বিজয়া চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তসকল ।

ETV BHARAT ASSAM
গুৱাহাটীত পৰ্যবেক্ষক ধনঞ্জয় ৰেড্ডীৰ বৈঠক

উল্লেখযোগ্য যে, এই বৈঠকতে নিৰ্বাচনৰ বিভিন্ন ওজৰ আপত্তিৰ বাবে ৰাজনৈতিক দল, প্ৰাৰ্থী অথবা ৰাইজৰ বাবে বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰে জিলা প্ৰশাসনে । ৬০০২৬৭৭১৮৪ আৰু ০৩৬১ ২৭৩০৪৮৫ নম্বৰ যোগে গুৱাহাটী লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক গৰাকীক ওজৰ আপত্তি জনাব পাৰিব সকলোৱে ।

দেওবাৰে নিৰ্বাচন আয়োগে ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া  ভাৰতীয় প্ৰশাসনিক বিষয়া ধনঞ্জয় ৰেড্ডীয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয়। কামৰূপ মহানগৰ জিলাৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচনৰ বাবে গঠন কৰা বিভিন্ন গোটসমূহৰ নডেল বিষয়াসকলৰ পৰা কাম কাজৰ বুজ লয় পৰ্যবেক্ষকগৰকীয়ে। পৰ্যবেক্ষকগৰকীয়ে আদৰ্শ আচৰণ বিধি, নিৰ্বাচনী ব্যয় কোষ, ফ্লায়িং স্কোৱাড, ষ্টেটিক চাৰ্ভিলেঞ্চ টীমৰ লগতে প্ৰশাসনে গঠন কৰা কোষসমূহক নিয়াৰিকৈ কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰোপৰি কোনোৱে যাতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈও নিৰ্দেশনা প্ৰদান কৰে সাধাৰণ পৰ্যবেক্ষক ধনঞ্জয় ৰেড্ডীয়ে। ইফালে এই বৈঠকত কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত ড০ বিজয়া চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তসকল উপস্থিত থাকে। উল্লেখযোগ্য যে নিৰ্বাচনৰ বিভিন্ন ওজৰ আপত্তিৰ বাবে ৰাজনৈতিক দল, প্ৰাৰ্থী অথবা ৰাইজৰ বাবে বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনে। ৬০০২৬৭৭১৮৪ আৰু ০৩৬১ ২৭৩০৪৮৫ নম্বৰ যোগে গুৱাহাটী লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষকগৰকীৰ ওজৰ আপত্তি জনাব পাৰিব সকলোৱে।

(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.