ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাই ৰুজু কৰা মানহানি গোচৰৰ ৰায়দান

author img

By

Published : Mar 28, 2019, 8:03 PM IST

এখন ব্য়ক্তিগত সংবাদপত্ৰৰ সম্পাদকক দোষী সাব্যস্ত

হিমন্ত বিশ্ব শৰ্মাই ৰুজু কৰা মানহানি গোচৰৰ ৰায়দান

গুৱাহাটী,28মাৰ্চঃ বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১০ চনতে ৰুজু কৰা এক মানহানি গোচৰৰ ৰায়দান দিয়ে আদালতে। লগতে অখিল গগৈৰ মন্তব্যৰ ভিত্তিত বাতৰি প্ৰকাশ কৰা প্ৰকাশক গোষ্ঠীৰ সম্পাদকক এমাহৰ কাৰাবাস সহ পাঁচ হাজাৰ টকাৰ জৰিমনা ঘোষণা কৰে।

উল্লেখ্য যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়তে কৃষক নেতা অখিল গগৈয়ে ২০১০ চনৰ ১৯ জুন তাৰিখে এখন সংবাদমেল অনুষ্ঠিত কৰি ডিমা হাছাও জিলাৰ ১০০০ কোটি টকীয়া কেলেংকাৰীৰ অন্যতম অভিযুক্ত আৰ এছ খানে হিমন্ত বিশ্ব শৰ্মাক এখন বিলাসী গাড়ী উপহাৰ দিয়ে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ অখিলৰ এই মন্ত্যবৰ ভিত্তিত ২০১০ চনৰ ২০ জুন তাৰিখে এখন ব্যক্তিগত বাতৰি কাকতত এই বাতৰিয়ে শিৰোনাম দখল কৰে ৷ য'ত সমগ্ৰ বিষয়টোৰ ওপৰত মন্ত্ৰীগৰাকীক সাঙুৰি এক বাতৰি প্ৰকাশ পাইছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ আৰু সংবাদ পত্ৰৰ প্ৰকাশক গোষ্ঠী আৰু সংবাদ পত্ৰখনৰ সম্পাদকৰ ওপৰত এক মানহানি গোচৰ ৰুজু কৰে ৷ প্ৰায় ৯ বছৰ ধৰি চলা এই গোচৰৰ ৰায়দানত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সংবাদ পত্ৰখনৰ সেই সময়ৰ সম্পাদক বিকাশ শৰ্মাক এমাহৰ কাৰাবাস আৰু পাঁচ হাজাৰ টকাৰ জৰিমনা আদায়ৰ নিৰ্দেশ দিয়ে।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধিবক্তা দেৱজিৎ শইকীয়াই সংবাদমেলত জনোৱা মতে তদন্তৰ সময়ত অখিল গগৈয়ে আদালতত সাক্ষী প্ৰদান কৰি আৰ এছ খানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিলাসী গাড়ী উপহাৰ দিয়াক লৈ তেওঁ কোনোধৰণৰ মন্তব্য কৰা নাছিল বুলি স্পষ্টীকৰণ দি গোচৰৰ পৰা মুক্ত হয় ৷ কিন্তু অখিল গগৈৰ এই সাক্ষীৰ পাচত সংবাদ গোষ্ঠীটোৱে তেওঁলোকৰ সংবাদ পত্ৰত প্ৰকাশ পোৱা বাতৰিৰ সত্যতা প্ৰমাণ কৰিব নোৱাৰিলে সেইবাবে আদালতে ব্যক্তিগত সংবাদ পত্ৰখনৰ সেই সময়ৰ সম্পাদক বিকাশ শৰ্মাৰ বিৰুদ্ধে ৰায়দান প্ৰদান কৰে।

Intro:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১০ চনত ৰুজু কৰা এক মানহানি গোচৰৰ ৰায়দান। অখিল গগৈৰ মন্তব্য ভিত্তিত বাতৰি প্ৰকাশ কৰা প্ৰকাশক গোষ্ঠীৰ সম্পাদক এমাহৰ কাৰাবাসসহ পাঁচ হাজাৰ টকাৰ জৰিমনা।

Body:বৰ্তমানৰ বিজেপি চৰকাৰখনৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২০১০ চনৰ কংগ্ৰেছ চৰকাৰৰ স্বাস্ত্যমন্ত্ৰী হৈ থকা সময় কৃষক নেতা অখিল গগৈয়ে ২০১০ চনৰ ১৯ জুন তাৰিখে এখন সংবাদমেল অনুষ্ঠিত কৰি অভিযোগ উত্থাপন কৰিছিল যে ডিমা হাছাও জিলাৰ ১০০০ কোটি টকীয়া কেলেংকাৰীৰ অন্যতম অভিযুক্ত আৰ এছ খানে হিমন্ত বিশ্ব শৰ্মাক এখন বিলাসী গাড়ী উপহাৰ দিছে। অখিল এই মন্ত্যৱৰ ভিত্তিত ২০১০ চনৰ ২০ জুন তাৰিখে চেণ্টিনেল নামৰ বাতৰি কাকতত এক বাতৰি প্ৰকাশ পাইছে। চেণ্টিনেল বাতৰি কাকতৰ এই বাতৰিৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ আৰু চেণ্টিনেল প্ৰকাশক গোষ্ঠী আৰু চেণ্টিনেল বাতৰি কাকতৰ সম্পাদকৰ ওপৰত এক মানহানি গোচৰ ৰুজু কৰিছিল। প্ৰায় ৯ বছৰ ধৰি চলা এই গোচৰৰ ৰায়দানত মুখ্য ন্যায়িক দণ্ডাধীক আদালতে চেণ্টিনেল বাতৰি কাকতৰ সেই সময়ৰ সম্পাদক বিকাশ শৰ্মাক এমাহৰ কাৰাবাস আৰু পাঁচ হাজাৰ টকাৰ জৰিমনা আদায়ৰ নিৰ্দেশ দিয়ে।

বাইট : দেৱজিৎ শইকীয়া, হিমন্ত বিশ্ব শৰ্মাৰ উকীল

Conclusion:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উকীল দেৱজিৎ শইকীয়াই সংবাদমেলত জানিবলৈ দিয়ে যে তদন্তৰ সময়ত অখিল গগৈয়ে আদালতত সাক্ষী প্ৰদান কৰি কৈছিল যে আৰ এছ খানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিলাসী গাড়ী উপহাৰ হিচাপে দিয়াৰ মন্তব্য তেওঁ কৰা নাছিল আৰু যিহেতু অখিলৰ এই সাক্ষীৰ পিছত চেণ্টিনেল গোষ্ঠীয়ে তেওঁলোকৰ বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰিৰ সত্যতা প্ৰমাণ কৰিব পৰা নাছিল বাবে আদালতে চেণ্টিনেল বাতৰি কাকতৰ সেই সময়ৰ সম্পাদক বিকাশ শৰ্মাৰ বিৰুদ্ধে ৰায়দান দিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.