গুৱাহাটী, 29 মে’: মংগলবাৰে মহানগৰীৰ চিটি চেন্টাৰত শুভাৰম্ভ হয় জনপ্ৰিয় বৰিষ্টা কেফে ৷ প্ৰথমবাৰৰ বাবে মহানগৰীত উপলব্ধ এই ইটালিয়ান কেফেখন মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ফেৰিপ্ৰিয়াই ৷ নতুনকৈ মুকলি হোৱা বৰিষ্টা কেফেক লৈ উৎফুল্লিত হৈ পৰিছে মহানগৰীৰ কফি প্ৰেমীসকলো ৷
উল্লেখ্য যে, প্ৰথমে শ্ৰীলংকাত মুকলি হোৱা বৰিষ্টা কেফে সম্প্ৰতি আঠখন দেশতে উপলব্ধ ৷ অসমতো প্ৰথমবাৰৰ বাবে উদীয়মান যুৱক গৌতম দত্তৰ প্ৰচেষ্টাৰে মুকলি কৰা হয় কেফেখন ৷ আটোমটোকাৰিকৈ সজাই পৰাই তোলা দৃষ্টিনন্দন কেফেখনৰ পৰিৱেশো অতি সুন্দৰ ৷ আনহাতে, বৰিষ্টা কেফেৰ দৰে বিপনী মহানগৰীত উপলদ্ধ কৰোৱাত সক্ষম হোৱা প্ৰতিস্থাপসকলক আন্তৰিক ওলগ জনাই অভিনেত্ৰী ফেৰিপ্ৰিয়াই ৷