গুৱাহাটী, ২২ জুনঃ মহা অম্বুবাচী মেলাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত বলীউডৰ সংগীত শিল্পী কৈলাস খেৰ । শুভাৰম্ভণি অনুষ্ঠানত শিল্পীগৰাকীৰ মা বন্দনাৰে মুখৰিত হ'ল অম্বুবাচী মেলাৰ বাকৰি ।
অম্বুবাচীৰ মেলা উপলক্ষ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় । দেৱী মা কামাখ্যাৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ ল'লে বলীউডৰ জনপ্ৰিয় শিল্পী কৈলাস খেৰে । শিল্পীজনে সংগীতানুষ্ঠানৰ পূৰ্বে সাংবাদিকৰে মুখামুখি হৈ অসমৰ কলা-সংস্কৃতিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । সুধাকন্ঠ ডo ভূপেন হাজৰিকাৰ সংগীতক সন্মান কৰাৰ লগতে ভূপেন দাৰ গীত কেৱল মনোৰঞ্জনৰ বাবে নহয়, জাতি মাটি ভেটি, আৱেগ-অনুভুতিৰ সকলো সমল আছে বুলি ভূপেন হাজৰিকাৰ প্ৰশংসা কৰে বলীউডৰ সংগীত শিল্পীগৰাকীয়ে । তাৰোপৰি ভূপেন হাজৰিকাৰ হাৰমনিয়ামটো ৫লাখ টকাত নিলামযোগে ক্ৰয় কৰা বুলিও উল্লেখ কৰে সংগীত শিল্পীগৰাকীয়ে ।
শিল্পীগৰাকীৰ ৭জুলাই নিজৰ জন্মদিনটোৰ পৰা এক মহৎ উদ্দেশ্যেৰে 'নয়ি উৰান' শীৰ্ষক এক নতুন কেম্পেইন আৰম্ভ কৰিব বুলিও মন্তব্য কৰে । য'ত ভাৰতৰ সকলো শ্ৰেণীৰ লোকে বিভিন্ন প্ৰতিভা প্ৰদৰ্শিত কৰিব পাৰিব বুলি কয় । ইফালে অসমৰ সংগীতকলৈ কিছু নতুন পৰিকল্পনা কৰিছে বুলিও জানিবলৈ দিয়ে বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী কৈলাস খেৰে ।
লগতে আন এটা বাতৰি- কামাখ্যাত আৰম্ভ নাগা বাবাসকলৰ পূজা অৰ্চনা