কলিয়াবৰ, ১৯ জুন: বুধবাৰে পুৱা প্ৰায় ন-বজাত ৭৯ বছৰ বয়সত দেহাৱসান ঘটে জেষ্ঠ শিল্পী কাৰ্তিক বৰাৰ । দক্ষ ঢুলীয়া আৰু বিহুৱা হিচাপে গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ যোগে জনপ্ৰিয় হৈ পৰিছিল শিল্পী গৰাকী । জনপ্ৰিয় বিহু শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে শিল্পী সমাজত । কেৱল বিহুৱেই নহয় অভিনয় জগতখনতো যথেষ্ট আগৰণোৱা আছিল প্ৰয়াত কাৰ্তিক বৰা । বিষ্ণুজ্যোতি, মেঘদূত আদি দলৰ হৈ ভ্ৰাম্যমান নাটকতো ভালেমান বছৰ অভিনেতা ৰূপে অভিনয় কৰিছিল তেওঁ । ইয়াৰোপৰিও, ৰাজধানী চহৰ দিল্লীকে ধৰি অসমৰ বাহিৰে-ভিতৰে অঙ্কীয়া ভাওনাৰ প্ৰচাৰ আৰু জনপ্ৰিয়তা কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল প্ৰয়াত কাৰ্টিক বৰাই ।
১৯৮৩ চনত প্ৰয়াত বৰাসহ আন কেইবাজনো শিল্পীপ্ৰাণ ব্যক্তিৰ ঐকান্তিক চেষ্টাত গঢ় লৈ উঠিছিল 'কলিয়াবৰ বিহু দল' । এই পুৰণি বিহুদলটোৱে সমগ্ৰ অসমতে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল । সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ থকা কাৰ্তিক বৰা শেহতীয়াকৈ অসম শঙ্কৰ সঙ্ঘৰ কলিয়াবৰ জিলা শাখাৰ সাংস্কৃতিক বিভাগৰ বিষয়-ববীয়া হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল । সাংস্কৃতিক জগতখনৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰি আছিল শিল্পী কাৰ্তিক বৰাই ।