গুৱাহাটী,29 এপ্ৰিল :ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণ কৰা ঘটনাক চৌদিশে গৰিহনা দিছে অসম সাংবাদিক সন্থাই ৷ এই ঘটনাত জড়িত দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বিভিন্ন দল, সংগঠনে ৷ সদৌ অসম সাংবাদিক সন্থাই এনে কাৰ্যৰ প্ৰতিবাদ জনায় গুৱাহাটী প্ৰেছক্লাৱৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
লগতে পঢ়ক: সোমবাৰে মহানগৰীৰ মন্ত্ৰীৰ আৱাসগৃহত সংবাদমেল
প্ৰতিবাদকাৰী সকলৰ দাবী সাংবাদিকৰ সুৰক্ষাৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব লাগে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে ৷