ETV Bharat / state

বনৰৌ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ বহিঃ ৰাজ্যৰ দুই চোৰাং চিকাৰী - দক্ষিণ গুবাহাটী বন সংমণ্ডল

দক্ষিণ গুৱাহাটী বন সংমণ্ডল,মইনাখোৰং বনসংমণ্ডল আৰু ক্ৰাইম কন্ট্ৰল ব্যুৰোৰ সহযোগত মহানগৰীৰ আই এচ বিটিৰ সমীপত অভিযান। অভিযানত জব্দ দুষ্প্ৰাপ্য বনৰৌ

বনৰৌ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ বহিঃ ৰাজ্যৰ দুই চিকাৰী
author img

By

Published : Jun 22, 2019, 6:56 PM IST

গুৱাহাটী, 22 জুনঃ ৰাজধানী চহৰ গুৱাহাটীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চোৰাং বন্যপ্ৰাণীৰ চোৰাং বেহা ৷ প্ৰতি দিনে অন্যান্য চোৰাং বনজ সামগ্ৰীৰ লগতে মহানগৰীৰ পৰা সৰবৰাহ হৈ আহিছে দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌ । দক্ষিণ গুবাহাটী বন সংমণ্ডল,মইনাখোৰং বনসংমণ্ডল আৰু ক্ৰাইম কন্ট্ৰল ব্যুৰোৰ সহযোগত যুটীয়াভাৱে আন্তঃৰাজ্যিক বাছ আস্থানত( ISBT)ত চলা অভিযানৰ পিছত পোহৰলৈ আহে এই কথা । অভিযানত ৬.৩ কিলোগ্ৰাম ওজনৰ বনৰৌসহ গ্ৰেপ্তাৰ দুই বহিঃ ৰাজ্যৰ সৰবৰাহকাৰী । ধৃত মিচেল পালমাৰ আৰু বিৰি হাচী নামৰ লোক দুজনৰ ঘৰ ক্ৰমে অৰুণাচল আৰু মেঘালয়ত বুলি জানিব পৰা গৈছে ৷

বনৰৌ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ বহিঃ ৰাজ্যৰ দুই চিকাৰী

ধৃত চোৰাং চিকাৰী দুটাৰ পৰা চোৰাং কাৰ্যত ব্যবহাৰ কৰা ML-O5M-9794 নম্বৰৰ বাহনৰ লগতে এটা সৰু ওজন জোখা মেচিন আৰু ধন নিবলৈ অনা এটা বেগ জব্দ কৰে বন বিভাগে। উল্লেখ্য যে,এক কোটি টকাত বিক্ৰীৰ বাবে আনিছিল বনৰৌটো । সম্প্ৰতি বন বিভাগৰ লোকে দুই চোৰাং চিকাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে , আনহাতে আবেলিৰ ভাগত বনৰৌটো অসম ৰাজ্যিক চিৰিয়াখানাত গটাই দিয়ে বন বিভাগৰ লোকে ।

লগতে পঢ়কঃ বৰপেটাত গাঁও পঞ্চায়তৰ ভৱন নিৰ্মাণক লৈ সংঘাত

a_ghy_22jun_endangered species_vis_7204039
GFX.
বহি ৰাজ্যৰ পৰা নিয়ন্ত্ৰীত  চোৰাং বন্যপ্ৰানীৰ বেহা ।

কোটী টকাত বিক্ৰী  দুষ্প্ৰাপ্য প্ৰজাতিৰ  বনৰৌও ।

মহানগৰীৰ  iSBT ৰ ওচৰত জব্দ দুষ্প্ৰাপ্য বন ৰৌ 

বনৰৌ বিক্ৰী কৰিব আহি গ্ৰেপ্তাতৰ বহি ৰাজ্যৰ দুই চিকাৰি ।

Vo.ৰাজধানী চহৰ গুৱাহাটী মহানগৰী হয় পৰিছে চোৰাং সামগ্ৰীৰ ট্ৰেনজিত পইন্ট ।প্ৰতি দিনে অন্যান চোৰাং বনজ  সামগ্ৰীৰ লগতে সৰবৰহা হয় আহিছে দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌ ।দক্ষিন গুবাহাটী বন সংমণ্ডল , মাইনাখোৰং বনমণ্ডল আৰু ক্ৰাইম কন্ট্ৰল ব্যুৰোৰ সহযোগত যুটীয়া ভাবে  iSBTত চলা অভিযানৰ পিছত পোহৰলৈ আহিল এই কথা । অভিযানত জব্দ ৬:৩ কিলোগ্ৰাম ওজনৰ বনৰৌ সহ গ্ৰেপ্তাৰ দুই বহি ৰাজ্যৰ সৰবৰাহ কাৰী ।
GFX 

দুই ধৃত মিচেল পালমাৰ আৰু বিৰি হাচী।

ধৃত দুয়োৰে ঘৰ ক্ৰমে অৰুনাচল আৰু মেঘালয়ত

Biat. বনাঞ্চলিক বিষয়াৰ

Vo. ধৃত দুয়োৰে পৰা চোৰাং কাৰ্যত ব্যবহ্যাৰ কৰা MLO5M9794  নম্বৰ  ইউন বাহন খনৰ লগতে এটা সৰু ওজন জোখা মেচিন আৰু ধন নিবলৈ অনা এটা বেগ জব্দ কৰে বন বিভাগৰ লোকে । ১ কোটী টকাত বিক্ৰীৰ বাবে আনিছিল বনৰৌওটো।

Biat বনাঞ্চলিক বিষয়া ।

সম্প্ৰতি বন বিভাগৰ লোকে দুই ধৃতক ন ন তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে  , আনহাতে আবেলিৰ ভাগত বনৰৌটো অসম ৰাজ্যিক চিৰিয়াখানাত গোটাই দিয়ে বন বিভাগৰ লোকে। 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.