গুৱাহাটী, 11 জুনঃ অসম ৰাজ্যিক পৰিবহণ নিগমে গুৱাহাটীত চলাব বৈদ্যুতিক বাছ ৷ চৰকাৰ ফেম (Faster Adoption and Manufacturing of Electric vehicles) আঁচনিৰ অধীনত চলিব 15খনকৈ বৈদ্যুতিক বাছ ৷
ইয়াৰে প্ৰথমখন বাছে কামাখ্যা মন্দিৰ পথত চলিব ৷ বাছসমূহৰ বাবে আইএছবিটি গড়চুক আৰু পল্টন বজাৰ শাখাত স্থাপন কৰা হৈছে চাৰ্জিং ষ্টেচন ৷ এই কথা প্ৰকাশ কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ আনন্দ প্ৰকাশ তিৱাৰীয়ে ৷