শিলচৰ, ২৭ ফেব্ৰুৱাৰীঃ শিলচৰত সংবাদমেল কেন্দ্ৰীয় মন্ত্ৰীজেনাৰেল ভি কে সিঙৰ। সংবাদমেলত ক'লে সন্ত্ৰাসবাদক নিয়ন্ত্ৰণ কৰাৰ কাৰণে বহু আগৰ পৰাই পাকিস্তানক সতৰ্ক কৰা হৈছিল ৷ কিন্তু পাকিস্তানে কোনো ব্যৱস্থা নোলোৱাৰ কাৰণেই ভাৰতে পাকিস্তানত সোমাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ।
ভাৰতৰ সেনাবাহিনী যথেষ্ট শক্তিশালী আৰু প্ৰস্তুত । পৰমাণু যুদ্ধৰ কথা উল্লেখ কৰি ক'লে ভাৰতে কেতিয়াও প্ৰথমে পৰমাণু আক্ৰমণ নকৰে ৷ যদি শত্ৰু পক্ষই কৰে তেন্তে ভাৰত উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম বুলি উল্লেখ কৰে জেনেৰেল ভি কে সিঙে ।
আনকি নাগৰিকত্ব সংশোধনী বিধেয়কলৈও মন্ত্ৰীগৰাকীয়ে গুৰুত্বপুৰ্ণ মন্তব্য কৰিছে ৷ তেওঁ কয় নাগৰিকত্ব সংশোধনী বিধেয়কখন যথেষ্ট গুৰুত্বপূৰ্ণ ৷ যি সকল ৰোহিংগিয়া অনুপ্ৰৱেশ কৰিছে সেইসকলক চৰকাৰে পঠোৱাৰ ব্যৱস্থা কৰিব লাগে ।