ETV Bharat / state

সোপাধৰাৰ সন্দেহত বদৰপুৰত সংঘটিত গণপ্ৰহাৰৰ ঘটনা - mob lynching at Cachar

ৰাজ্যত অব্যাহত সোপাধৰাৰ আতংক ৷ বদৰপুৰত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি দুজন যুৱক ৷

বদৰপুৰত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি দুজন যুৱক
author img

By

Published : Oct 20, 2019, 6:18 AM IST

কাছাৰ,19 অক্টোবৰঃ সমগ্ৰ ৰাজ্যতেই সোপাধৰাৰ আতংকৰ লগতে ক্ৰমবৰ্ধমানহাৰত গণপ্ৰহাৰৰ ঘটনা অব্যাহত থকাৰ সময়তেই কাছাৰ জিলাৰ বদৰপুৰৰ গোৰামাৰা এলেকাত সোপাধৰাৰ সন্দেহত একাংশ উন্মত্ত ৰাইজৰ দ্বাৰা গণপ্ৰহাৰৰ বলি হয় দুজনকৈ যুৱক ৷ যোৱা কিছুদিন পূৰ্বে সোপাধৰা সন্দেহত হাইলাকান্দি আৰক্ষী জোৱানক নিৰ্মম প্ৰহাৰ কৰা ঘটনাৰ এসপ্তাহ পাৰ নৌহওঁতে কাছাৰত সংঘটিত উক্ত ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শনিবাৰে সংঘটিত গণপ্ৰহাৰৰ ঘটনাত গুৰুতৰভাৱে আহত হোৱা যুৱক দুজন হৈছে ক্ৰমে কৰিমগঞ্জৰ এলেংজুৰিৰ সাবুল আহমেদ আনজন বদৰপুৰৰ মহাকলৰ আব্দুল ওহাইদ । যুৱকদ্বয়ৰ ভাষ্য অনুসৰি তেওঁলোকে দুয়োৱে নিজৰ কৰ্মক্ষেত্ৰলৈ যাওঁতে উক্ত প্ৰহাৰৰ ঘটনাটো সংঘটিত হয় ৷ শনিবাৰে ৰাতি গোৰামাৰাৰ একাংশ ৰাইজে দুজন অচিনাকী যুৱকক সোপাধৰা সন্দেহত আটক কৰি প্ৰহাৰ কৰে ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰি বদৰপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা যুৱক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত যুৱকদ্বয়ক প্ৰাথমিক চিকিৎসাৰ বাবে শ্ৰীগৌৰি হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত এজনক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । এনেদৰেই বৰ্তমান সমগ্ৰ অসমৰ লগতে বৰাক উপত্যকাতও সোপাধৰা আতঙ্ক অব্যাহত থকা পৰিলক্ষিত হৈছে ৷

বদৰপুৰত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি দুজন যুৱক

আৰু পঢ়ক

Intro:খোপাধৰা সন্দেহত দুজন যুৱকজন বেধম প্ৰহাৰ । দুজনৰ অবস্থা আশঙ্কাজনক Body:বদৰপুৰ: - খোপাধৰা আতঙ্কত ভোগিছে গোটা ৰাজ্য । ইটোৰ পাছত সিটো এনে ধৰণৰ ঘটনা সংঘটিত হৈআছে কিন্তু আজি লৈকে বন্ধৰ কোন নাম নাই ।যোয়া কৈদিন পূৰ্বে খোপাধৰা সন্দেহত হাইলাকান্দী আৰক্ষী জোয়ানক বেধম প্ৰহাৰ কৰিলে এই ঘটনাৰ এক সাপ্তাৰ মুৰত আকৌ আজি ৱদৰপুৰৰ গোৰামাৰা এলাকাত খোপাধৰা সন্দেহত দুজন যুৱক ক বেধম প্ৰহাৰ কৰিলে ৰাইজে । এজন হল কৰিমগঞ্জৰ এলেংজুৰিৰ সাবুল আহমেদ আনজন বদৰপুৰৰ মহাকল ৰ আব্দুল ওহাইদ । দুজনি তেওঁ লোকে ৰ নিজৰ কামত এই এলাকাত গৈছিল । শনিবাৰে ৰাতি গোৰামাৰা ৰাইজে দুজন অচিনাকী যুৱকক খোপাধৰা সন্দেহত আটক কৰি বেধম প্ৰহাৰ কৰে খবৰ পাই ৱদৰপুৰ আৰক্ষী ঘটনা স্হলিৰ পৰা দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু প্ৰাথমিক চিকিত্সকাৰ ভাৱে শ্ৰীগৌৰি হাসপাতালত প্ৰেৰণ কৰিছে ।কিন্তু এজনৰ অবস্থা আশঙ্কাজনক ভাৱে শিলচৰত পঠিয়ালে । এই ঘটনাৰ পাছত গোটা এলাকাত চাঞ্চ্যল সৃষ্টি হৈছে । এনেদৰেই খোপাধৰা আতঙ্কতত গোটা অসমৰ লগতে বৰাক উপত্যকাত প্ৰভাব পেলাইছে ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসমConclusion:news
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.