ETV Bharat / state

বৰাকত মাৰাথন নিৰ্বাচনী প্ৰচাৰ তেজস্বী যাদৱৰ - ৰাতাবাৰী, ধলাই আৰু লক্ষীপুৰ

শনিবাৰে বৰাক উপত্যকাত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদবে ৷ বৰাকৰ তিনিটা সমষ্টি ক্ৰমে ৰাতাবাৰী, ধলাই আৰু লক্ষীপুৰ সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী জনসভাত ভাগ লয় তেজস্বীয়ে । তেজস্বী যাদবে প্ৰথমে কৰিমগঞ্জৰ ৰাতাবাৰী তাৰ পিছত দ্বিতীয় জনসভা কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ দাৰ্বী চাহ বাগিচাত প্ৰচাৰ সভা চলায় ।

তেজস্বী যাদবৰ বৰাকত মাৰাথন নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 27, 2021, 10:32 PM IST

কাছাৰ,27 মাৰ্চ: প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ শনিবাৰে অন্ত পৰিছে ৷ তাৰ সমান্তৰালকৈ ১ এপ্ৰিলত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন বাবে সমষ্টিবোৰত ষ্টাৰ কেম্পেইনাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ৷ শনিবাৰে বৰাক উপত্যকাত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদবে ৷ বৰাকৰ তিনিটা সমষ্টি ক্ৰমে ৰাতাবাৰী, ধলাই আৰু লক্ষীপুৰ সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী জনসভাত ভাগ লয় তেজস্বীয়ে । তেজস্বী যাদৱে প্ৰথমে কৰিমগঞ্জৰ ৰাতাবাৰী তাৰ পিছত দ্বিতীয় জনসভা কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ দাৰ্বী চাহ বাগিচাত প্ৰচাৰ সভা চলায় । ধলাইলত মহাজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ মাল্লাহৰ হৈ প্ৰচাৰ চলাই তেজস্বী যাদৱে ।

তেজস্বী যাদৱে বিশাল সভাত বিজেপি চৰকাৰৰ সমালোচনা কৰি কয় যে, অসমৰ এইবাৰৰ নিৰ্বাচন হ’ল অসমৰ ভাষা, সংস্কৃতি আৰু ইতিহাস ৰক্ষাৰ যুদ্ধ ৷ কাৰণ বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে অসমৰ ভাষা, সংস্কৃতি আৰু ইতিহাস সংকটত পৰিব ৷ সেই কাৰণে সকলোকে এইবাৰৰ নিৰ্বাচনত অসমৰ মহাজোঁটৰ প্ৰাৰ্থী সকলক ভোট দিয়াৰ আহ্বান জনায় তেজস্বী যাদৱে ৷ উক্ত সভাত তেজস্বী যাদৱৰ লগত উপস্থিত থাকে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীৰ কন্যা সৰ্মীষ্ঠা মুখাৰ্জী, মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেব সহ বিহাৰ আৰু ঝাৰখাণ্ডৰ বহু নেত ৷

লগতে পঢ়কঃ ৰাতাবাৰীত শম্ভূ সিং মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ তেজস্বী যাদৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.