কাছাৰ 30 মাৰ্চ :কৰ'ণা ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ দেশত ল’ক ডাউন আৰম্ভ হোৱাৰ পিছতে কাছাৰ জিলাৰ বিভিন্ন চাহ বাগিচা আৰু বস্তি অঞ্চলত তীব্ৰ খাদ্য সামগ্ৰীৰ সংকটে দেখা দিছে । সাধাৰণ মানুহৰ লগতে শ্ৰমিক, কৰ্মচাৰী কৃষক সকলো লোক ল’ক ডাউনৰ ফলত গৃহবন্দী হৈ আছে।
এইবাৰ কৰ'ণাৰ আতংক আৰু ল’ক ডাউনৰ ফলত চাহ বাগিছা বোৰত শ্ৰমিক নাই । ইপিনে ল’ক ডাউনৰ ফলত চাহ বাগিচা অঞ্চলত খাদ্য সামগ্ৰীৰ নাটনি হোৱা পৰিলক্ষিত হৈছে । তাৰ লগতে গ্ৰামাঞ্চলত খাদ্য সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে । আলু, দালি, কণী, পিঁয়াজ এনে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি আৰম্ভ হৈছে । গ্ৰামাঞ্চলৰ ব্যৱসায়ীসকলে চহৰৰ পৰা সামগ্ৰী সমূহ গাঁও লৈ আনিব নোৱাৰাত সাধাৰণ শ্ৰমিক জনসাধাৰণ খাদ্য সংকটত পৰিছে ৷
লগতে পঢক :বিহাৰ চৰকাৰলৈ তেলেংগানা চৰকাৰৰ ব্যতিক্ৰমী অনুৰোধ