ETV Bharat / state

পূজা মণ্ডপত বিদেশী চৰাইৰ প্ৰদৰ্শন কৰি বিপদত উধাৰবন্দ কালীবাড়ি পূজা সমিতি - শিলচৰৰ উধাৰবন্দৰ কালীবাড়ি দুৰ্গামণ্ডপ

শিলচৰৰ উধাৰবন্দৰ কালীবাড়ি দুৰ্গামণ্ডপত বিদেশী চৰাইৰ প্ৰদৰ্শনক লৈ সৃষ্টি হৈছে বিতৰ্ক ৷ এইক্ষেত্ৰত পৰিৱেশ প্ৰেমী সকলেও নানান প্ৰশ্ন উত্থাপন কৰিছে লগতে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপৰ দাবীজনাইছে

শিলচৰৰ পূজা মণ্ডপত বিদেশী চৰাইৰ প্ৰদৰ্শনক লৈ বিতৰ্ক
author img

By

Published : Oct 4, 2019, 11:43 PM IST

শিলচৰ, 4 অক্টোবৰঃ বিগত বছৰসমূহৰ দৰে এইবেলিও শিলচৰৰ ওচৰৰ উধাৰবন্দৰ পূজাস্থলী উত্তৰ পূৰ্ৱাঞ্চলৰ মাজতে আকৰ্ষণীয় ৰূপত তৈয়াৰ কৰা হৈছে ৷ বিশাল অক্ষৰধাম মন্দিৰ, লণ্ডনৰ টেমচ নৈৰ উপৰত থকা আকৰ্ষণীয় দলংখন আৰু ততোধিক আকৰ্ষণীয় মূৰ্তিৰ লগতে দেশী বিদেশী চৰাই দৰ্শনাৰ্থীৰ বাবে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ কিন্তু সম্প্ৰতি পূজামণ্ডপটোৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে সজাই ৰখা এই চৰাইসমূহক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷

এই চৰাইসমূহক লৈ পৰিৱেশ প্ৰেমী সকলেও নানান প্ৰশ্ন উত্থাপন কৰিছে ৷ অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক পাৰ্থঙ্কৰ চৌধুৰীয়ে কয় যে, এইসমূহ গৃহপালিত চৰাই প্ৰদৰ্শন আৰু ৰখাৰ ক্ষেত্ৰত বহু আইনী বাধা আছে ৷ পূজামণ্ডপৰ অত্যাধিক পোহৰ আৰু উচ্চ শব্দ চৰাইসমূহৰ বাবে ক্ষতিকাৰক ৷ দিনৰ লগতে ৰাতিৰ ভাগতো দৰ্শনাৰ্থীৰ ভিৰ থকা হেতুকে চৰাইসমূহৰ বিশ্ৰামতো বাধাপ্ৰাপ্ত হৈছে ৷ এইবোৰ সমস্যা দাঙি ধৰি তেওঁ চৰাইবোৰ মুকলি কৰি দিয়াৰ কথা কৈছে ব্যক্ত কৰিছে । লগতে তেখেতে এইক্ষেত্ৰত বন বিভাগৰ হস্তক্ষেপৰ বাবে আহ্বান জনাইছে ৷

আনহাতে, কালীবাড়ি ৰোডৰ দুৰ্গা পূজা কমিটিৰ কৰ্মকৰ্তা শংকৰ ৰায়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনায় যে, বনবিভাগৰ কৰ্মকৰ্তাসকলে সকলে আহি চাই গৈছে ৷ পূজা কমিটিয়ে বিভাগৰ অনুমতি সাপেক্ষেই এইবোৰ বিদেশী চৰাই পূজা দৰ্শনাৰ্থী সকলৰ প্ৰদৰ্শনৰ বাবে লৈ আহিছে ৷ এইক্ষেত্ৰত প্ৰশাসনৰ পদক্ষেপ হ’ব লক্ষণীয় ৷

Intro:উধাৰবন্দৰ কালীবাড়ি দুৰ্গা মন্ডপৰ চৰাই লৈ বিতৰ্ক

যোৱা কেই বছৰৰ নিচিনা এইবাৰও শিলচৰ চহৰৰ ওচৰত উধাৰবন্দ উত্তৰ পূৰ্বাঞ্চলৰ মাজত পূজাৰ প্ৰধান আকৰ্ষণ হবলৈ গৈ আছে । এইবাৰও উধাৰবন্দৰ কালীবাড়ি ৰোডৰ দুৰ্গা পূজাত বিশাল অক্ষৰধাম মন্দিৰ, লন্ডনৰ টেমচ নৈৰ উপৰত থকা আকৰ্ষণীয় দলংখন আৰু ততোধিক আকৰ্ষণৰ মূৰ্তিৰ লগতে দেশী বিদেশী চৰাই পূজা দৰ্শনাৰ্থী সকলৰ বাবে এইবাৰও বড় আকৰ্ষণ হবলৈ গৈ আছে যদিও কিন্তু তেওঁ লোকে পূজা মন্ডপৰ ভিতৰত দৰ্শনাৰ্থী সকলৰ বাবে সজাই ৰখা বহু বিদেশী চৰাই লৈ তীব্ৰ বিতৰ্ক দেখা দিছে। Body:
এই চৰাই বোৰ লৈ পৰিবেশ প্ৰেমী সকলে নানা প্ৰশ্ন তুলিছে। আসাম বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ অধ্যাপক পাৰ্থঙ্কৰ চৌধুৰীয়ে কয়, এনে গৃহপালিত চৰাই প্ৰদৰ্শন আৰু ৰখাৰ ক্ষেত্ৰত বহু আইনী বাধা আছে। পূজা মন্ডপৰ অত্যধিক আলো আৰু উচ্চ শব্দ চৰাই বোৰৰ পক্ষে ক্ষতিকাৰক। এই মন্ডপত দিনৰ লগতে গোটেই ৰাতি পূজা দৰ্শনাৰ্থী সকলৰ ভিড় থকাৰ বাবে চড়াই বোৰ বিশ্ৰাম লব নোৱাৰে। বহু দৰ্শনাৰ্থী চড়াই বোৰক উত্যক্ত কৰিব পাৰে। এইবোৰ নানা সমস্যা ডাঙি ধৰি তেওঁ চড়াই বোৰ মুকলি কৰি দিয়াৰ কথা কৈছে। তেওঁ বন বিভাগৰ হস্তক্ষেপ কামনা কৰিছে বুলি জনাইছে। --- বাইট

ইপিনে কালীবাড়ি ৰোডৰ দুৰ্গা পূজা কমিটিৰ কৰ্মকৰ্তা শংকৰ ৰায়ক প্ৰশ্ন কৰিলে তেওঁ কয়, বন বিভাগৰ কৰ্মকৰ্তা সকলে আহি চাই গৈছে। তেওঁ লোকে বিভাগৰ অনুমতি লৈ এইবোৰ বিদেশী চৰাই পূজা দৰ্শনাৰ্থী সকলে চাবৰ কাৰণে লৈ আহিছে বুলি তেওঁ জনাইছে। একাংশ মানুহে বুজি নাপাই অকাৰণতে চিঞৰবাখৰ কৰিছে বুলি তেওঁ মন্তব্য কৰে। --- বাইটConclusion:এতিয়া প্ৰশাসনিক কৰ্ম্মকৰ্তা সকলে কি পদক্ষেপ লয় চাবলৈ আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.