শিলচৰ, 3 এপ্ৰিলঃ লক ডাউনৰ প্ৰভাৱত এতিয়া চৌকাত জুই নজ্বলা হৈছে শিলচৰৰ এটা বিশেষ গলিত বাস কৰা লোকসকলৰ ঘৰত ৷ আজিকালি হেনো তেওঁলোকৰ কাষলৈ কোনোৱেই নাহে ৷ সেয়ে উপাৰ্জনৰ একমাত্ৰ পথটোও ৰুদ্ধ হৈ পৰাত আধাপেটে দিন কটাবলৈ বাধ্য হৈছে তেওঁলোক ৷
আমি ক'ব খুজিছো শিলচৰৰ নিষিদ্ধ গলিত বাস কৰা দেহোপজীৱিনীসকলৰ কথা ৷ দেশজুৰি অব্যাহত থকা লক ডাউনৰ প্ৰভাৱত দুৰ্বিষহ হৈ পৰিছে তেওঁলোকৰ জীৱন ৷ কাৰণ ঘৰৰ ভিতৰতে জীৱন আৱদ্ধ হৈ পৰাত বন্ধ হৈ পৰিছে তেওঁলোকৰ উপাৰ্জনৰ পথ ৷ এই গলিত বাস কৰা প্ৰায় 2 শতাধিক পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি ৷ কিছুদিন পূৰ্ৱে অসম আৰক্ষীৰ লোকে তেওঁলোকক কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰিছিল যদিও সেয়া ইতিমধ্য়ে শেষ হৈছে ৷ ফলত খাদ্য তথা অত্যাৱশ্য়কীয় সামগ্ৰীৰ অভাৱত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এইসকল দেহোপজীৱিনীৰ লগতে তেওঁলোকৰ পৰিয়াল ৷
লগতে পঢ়কঃ ক'ভিড-19 : বৰ্তমানলৈ ভাৰতৰ পৰিসংখ্যা !