ETV Bharat / state

ককায়েকৰ কামনাৰ বলি কিশোৰী ভগ্নী - মানসিক নিৰ্যাতন

যুৱকজনৰ পৰিয়ালৰ লোকৰ মানসিক নিৰ্যাতন আৰু ভাবুকিৰ কাৰণে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিব পৰা নাছিল ।

SILCHAR RAPE CASE
ককায়েকৰ কামনাৰ বলি কিশোৰী ভগ্নী
author img

By

Published : Jun 26, 2021, 11:48 AM IST

শিলচৰ, 26 জুন : শিলচৰ চহৰত সংগঠিত হৈছে এক এক জঘণ্য ধৰ্ষণৰ ঘটনা । ককায়েকৰ কামনাৰ বলি হ’ল এগৰাকী ৭ বছৰীয়া কিশোৰী ৷ চহৰখনৰ মাজমজিয়াৰ মালুগ্ৰাম অঞ্চলত সংঘটিত হৈছে এই ঘটনা ।

বিগত ২০ এপ্ৰিলত সংঘটিত হয় এই অমানৱীয় ঘটনা ৷ কিশোৰীগৰাকীক নিজৰ খুৰাকৰ ল’ৰাই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বৰ্তমান শিলচৰ বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী ৷

যুৱকজনৰ পৰিয়ালৰ লোকৰ মানসিক নিৰ্যাতন আৰু ভাবুকিৰ বাবে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ কাষত গোচৰ ৰুজু কৰিব পৰা নাছিল ।

ককায়েকৰ কামনাৰ বলি কিশোৰী ভগ্নী

পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰা হয় । কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ সুযোগ লৈ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে । পৰিয়ালৰ গোচৰৰ ভিত্তিত শিলচৰ আৰক্ষী (Silchar Police)য়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত যুৱকজন ৷

উল্লেখ্য যে, ৰাজ্যত নিতৌ বৃদ্ধি পাইছে নাৰী নিৰ্যাতন, ধৰ্ষণ দৰে ঘটনা ৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপে (National Family Health Survey) ২০২০ চনৰ ডিচেম্বৰত প্ৰকাশ কৰা এক তথ্য অনুসৰি, অসমত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ হাৰ ভাৰতীয় গড়তকৈ অধিক ৷ 2019 চনত এনে অসমৰ অপৰাধৰ হাৰ (প্ৰতি 100,000 মহিলা জনসংখ্যাত) ভাৰতীয় গড়তকৈ প্ৰায় তিনিগুণ আছিল । আনহাতে 2019-20 চনত অসমত 8 শতাংশ যুৱতী যৌন নিৰ্যাতন তথা ধৰ্ষণৰ বলি হৈছিল ৷

বিগত সময়ত অসমত বহু কিশোৰী তথা যুৱতীক ধৰ্ষণকাৰীয়ে জ্বলাই দিয়াৰো তথ্য পোৱা গৈছে ৷ দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ কাৰণে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে দাবী জনাই আহিছে যদিও বাস্তৱত অধিকাংশ গোচৰত ইয়াৰ বিপৰীত ছবি এখনহে দেখা গৈছে ৷ বহু সময় পৰিয়ালৰ লোকেও সমাজৰ ভয়ত এনে ঘটনা লুকুৱাই ৰখাহে দেখা যায় ৷

লগতে পঢ়ক : ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.