ETV Bharat / state

শিলচৰত আৰক্ষীৰ জালত কুখ্যাত ভূ-মাফিয়া খুৰছেদ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:22 PM IST

কাছাৰত আৰক্ষীয়ে ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । বুধবাৰে নিশা শিলচৰ আৰক্ষীয়ে অভিযান চলাই ৰংপুৰৰ কুখ্যাত ভূ-মাফিয়া লাকি বৰলস্কৰ ওৰফে খুৰছেদক আটক কৰে ৷

Silchar Police Detained Land Mafia
শিলচৰত আৰক্ষীৰ জালত কুখ্যাত ভূ মাফিয়া খুৰছেদ

শিলচৰ, 14 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । সমান্তৰালকৈ কাছাৰতো আৰক্ষীয়ে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । বুধবাৰে নিশা শিলচৰ আৰক্ষীয়ে অভিযান চলাই ৰংপুৰৰ কুখ্যাত মাটিৰ দালাল লাকি বৰলস্কৰ ওৰফে খুৰছেদক আৰক্ষীয়ে আটক কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছিল মাটিৰ দালাল খুৰছেদক ৷ কিন্তু ৰহস্যজনকভাৱে মুকলি আকাশৰ তললৈ আহি খুৰছেদক পুনৰ মাটিৰ দালাৰ কামত লিপ্ত হৈছিল ৷

ইফালে খুৰছেদৰ বিৰুদ্ধে জিলাখনৰ কেইবাখনো থানাত গোচৰ ৰুজু হৈ আছে ৷ কিন্তু অদৃশ্য শক্তিৰ দ্বাৰা বলীয়ান হৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছিল তেওঁ । অৱশ্যে যোৱা নিশা কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নিৰ্দেশত শিলচৰ আৰক্ষীয়ে কুখ্যাত দালালজনক আটক কৰে । বৰ্তমান শিলচৰ সদৰ আৰক্ষী চকীত আৰক্ষীয়ে তেওঁৰ জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, এগৰাকী বিধৱা মহিলাসহ বহু নিৰীহ লোকৰ মাটি জোৰ-জৱৰদস্তি দখল কৰাৰ অভিযোগ আছে ধৃত দালালজনৰ বিৰুদ্ধে । আনকি কাছাৰৰ মূল্যবান ভূমি ক্ৰয় বিক্ৰী কৰিবলৈ হ’লে খুৰছেদক অনুমতিৰ প্ৰয়োজন বুলি অভিযোগ আছে । শিলচৰ চেটেলমেন্ট কাৰ্যালয়ত তেওঁৰ আছিল বিশেষ প্ৰভাৱ । কিন্তু কথাত আছে এশ গৰু মাৰিলে বাঘৰো মৰণ হয় ৷ সেয়ে এতিয়া দুখীয়া নিৰীহ লোকৰ মাটিবাৰী দখল কৰাৰ অভিযোগত অভিযুক্ত দালাল লাকি বৰলস্কৰ ওৰফে খুৰছেদ এতিয়া আৰক্ষীৰ জালত ।

উল্লেখ্য যে, যোৱা কেইবামাহৰ পূৰ্বে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলিছিল অভিযান । অভিযানত গ্ৰেপ্তাৰ হৈছিল কেইবা শ মাটিৰ দালাল । সেই সময়ত কাছাৰতো গ্ৰেপ্তাৰ হৈছিল বহু নামী-দামী মাটিৰ দালাল ।

লগতে পঢ়ক : কাছাৰত ভাতৃঘাতী সংঘৰ্ষত NNCৰ এজন সদস্য নিহত, এজন চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.