ETV Bharat / state

আৰক্ষীয়ে এৰি দিলে ৰাইজে গটাই দিয়া চোৰক - বাশকান্দি আৰক্ষী চকী

ৰাইজে ধৰি দিয়া চোৰক এৰি দিলে আৰক্ষীয়ে ৷ প্ৰতিবাদত থানা ঘেৰাও শতাধিক ৰাইজৰ ৷ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৷

SILCHAR PEOPLE PROTEST FOR DISCHARGE THIEF
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৰাইজে গটাই দিয়া চোৰ এৰি দিয়াৰ অভিযোগ
author img

By

Published : Aug 15, 2020, 8:54 PM IST

শিলচৰ,15আগষ্টঃ ৰাইজে ধৰি দিয়া চোৰক এৰি দিয়াৰ গুৰুত্বৰ অভিযোগ উঠিছে কাছাৰ জিলাৰ বাশকান্দি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনিৰ উদ্দিনৰ বিৰুদ্ধে। জানিব পৰা মতে, দুদিনৰ পূৰ্ৱে নৰুল আহমেদ লস্কৰ আৰু চাবিৰ আহমেদ নামৰ দুজন যুৱকে বাশকান্দিৰ এখন দোকানত চোৰি কাণ্ড সংঘটিত কৰিছিল ৷ ইপিনে চুৰি কৰাৰ পিচতেই ৰাইজে চোৰ দুজনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷ কিন্তু ৰহস্যজনক বাবে শুকুৰবাৰে নিশা চাবিৰ আহমেদ নামৰ চুৰটোক আৰক্ষীয়ে এৰি দিয়ে ৷ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিৰ উদ্দিনে চোৰটোক এৰি দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৰাইজে গটাই দিয়া চোৰ এৰি দিয়াৰ অভিযোগ
ইপিনে এই ঘটনাৰ প্ৰতিবাদত স্থানীয় ৰাইজে শনিবাৰে বাশকান্দি আৰক্ষী চকী ঘেৰাও কৰে ৷ উল্লেখযোগ্য যে, বাতৰি সংগ্ৰহ বাবে যোৱা সাংবাদিকক দুব্যৱহাৰ কৰাৰ লগতে কেমেৰাতো হাত দিয়াৰ অভিযোগ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিৰ উদ্দিনৰ বিৰুদ্ধে ৷ আৰক্ষী বিষয়া জনৰ এনে কাৰ্যক সৰ্বত্ৰে ধিক্কাৰ জনোৱা দেখা গৈছে ৷ আৰক্ষী বিষয়া মনিৰ উদ্দিনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ অন্ধবিশ্বাসঃ মৃত মহিলাক জীয়াই তুলিবলৈ বেজৰ 18 ঘণ্টীয়া তন্ত্ৰ-মন্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.