ETV Bharat / state

কৰ’ণা ভাইৰাছক লৈ সচেতন শিলচৰ পৌৰসভাঃ নিৰ্দেশ নামানে ব্যৱসায়ীসকলে

author img

By

Published : Mar 14, 2020, 5:33 PM IST

কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত সচেতন হৈ পৰিছে শিলচৰৰ পৌৰসভাৰ লগতে কাছাৰ জিলা প্ৰশাসন ৷ চহৰখনত চলি থকা সকলো মেলা বন্ধ কৰি দিছে প্ৰশাসনে ৷ তদুপৰি বজাৰসমূহত মুকলিকৈ যিকোনো সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে শিলচৰ পৌৰসভায়ই ৷

Silchar municipality board give order in concern on Corona virus cachar assam etv bharat news
কৰ’ণা ভাইৰাছৰ আতংক

শিলচৰ,14 মাৰ্চঃ কৰ’ণা ভাইৰাছক লৈ যথেষ্ট সতৰ্ক হৈ পৰিছে কাছাৰ জিলা প্ৰশাসন ৷ নাগৰিক সমাগম কাৰ্যসূচীকে ধৰি কেইবাখনো মেলা বন্ধৰ নিৰ্দেশৰ পিছত এইবাৰ চহৰখনৰ স্থানীয় বজাৰসমুহত কিছু নিষেধাজ্ঞা প্ৰদান কৰিছে শিলচৰ পৌৰসভাই ৷ পৌৰসভাৰ নিৰ্দেশ অনুসৰি, চহৰখনৰ বজাৰসমূহত যিকোনো কটা মাছ-মাংস, ফলমুল আৰু কটা শাক-পাচলিৰ লগতে সিদ্ধ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীসকলে ৷ এই নিৰ্দেশপত্ৰ বজাৰসমূহলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৷

কৰ’ণা ভাইৰাছৰ আতংক

আনহাতে, পৌৰসভাৰ নিৰ্দেশৰ পিছতো শিলচৰৰ বজাৰসমূহত মুকলিকৈ বিক্ৰী হৈ আছে যিকোনো সামগ্ৰী । পৌৰসভাৰ নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই সামগ্ৰীসমূহ বিক্ৰী কৰি আছে একাংশ ব্যৱসায়ীয়ে ৷ বৰাকৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাটক বজাৰতো একে দৃশ্য দেখা গৈছে ৷ পৌৰসভাৰ নিৰ্দেশক ব্যৱসায়ীসকলে মানি চলাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সম্প্ৰতি বিকল্প ব্যৱসায়ৰ সন্ধানত আছে চহৰখনৰ ব্যৱসায়ীসকল ৷

লগতে চাওকঃমথাউৰি নিৰ্মাণৰ নামত কাছাৰ জিলাত বৃহৎ দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.